নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নয়নৰ প্রতিশ্রুতিৰে বিহাৰত প্রচাৰ নীতিশৰ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: আগন্তুক ২৮ অক্টোবৰৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নির্বাচনৰ প্রথমটো পর্যায়লৈ মাজত এটা দিন বাকী থকা অৱস্থাতে   ৰাজনৈতিক দলসমূহে পৰস্পৰৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে৷ প্রথম পর্যায়ত নির্বাচনী প্রচাৰৰ অন্ত পৰাৰ সময়তে আজি আৰ জে ডি নেতা তেজস্বী যাদৱ, এল জে পিৰ মুৰব্বী চিৰাগ পাছোৱান প্রমুখ্যে নেতাসকলে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰক আক্রমণৰ লক্ষ্য হিচাপে বাছি লয়৷

ইয়াৰ বিপৰীতে নীতিশ কুমাৰে দ্বিতীয় পর্যায়ৰ নির্বাচন হ’বলগীয়া উত্তৰ বিহাৰত প্রচাৰ চলাই উল্লেখ কৰে যে বিগত ১৫ বছৰত চৰকাৰে গ্রহণ কৰা উন্নয়নৰ প্রকল্পসমূহ সম্পূর্ণ কৰি ৰাজ্যখনৰ সামগ্রিক প্রগতি সম্ভৱ কৰি তুলিবলৈ জনসাধাৰণে বিজেপি আৰু জে ডি(ইউ)ক ভোটদান কৰিব লাগে৷ লক্ষণীয়ভাৱে ৰাজ্যখনৰ সামগ্রিক প্রগতিৰ বাবে নীতিশ কুমাৰে সাতটাকৈ সমাধান সূত্র গ্রহণ কৰা বুলি ঘোষণা কৰিছে৷ 

মুজাফফৰপুৰত দলৰ প্রার্থী অশোক কুমাৰ চৌধাৰীৰ হৈ প্রচাৰ চলাই এক বিশাল জনসভাত নীতিশ কুমাৰে উল্লেখ কৰিছে যে তেজস্বী যাদৱৰ দৰে একাংশ বিৰোধীয়ে তেওঁক আক্রমণ কৰি প্রচাৰ লাভ কৰিব বিচাৰিছে৷ আৰ জে ডিয়ে ৰাজ্যখনত পৰিয়ালকেন্দ্রিক ৰাজনীতি কৰি ক্ষমতাত আৰোহণ কৰাৰ প্রচেষ্টা চলাই আছে বুলি উল্লেখ কৰি নীতিশ কুমাৰে কয় যে তেওঁৰ বাবে বিহাৰৰ জনসাধাৰণেই নিজৰ পৰিয়াল৷ গতিকে সমগ্র বিহাৰৰ প্রগতিয়ে তেওঁৰ একমাত্র লক্ষ্য৷ পুনৰ নির্বাচনত জয়ী হ’লে কুমাৰে ৰাজ্যখনৰ সামগ্রিক প্রগতিৰ বাবে কাম কৰি যাব বুলিও ঘোষণা কৰিছে৷

লক্ষণীয়ভাৱে আৰ জে ডি, এল জে পি, কংগ্রেছ আদি বিৰোধী দলবোৰে কেৱল বিহাৰত দুর্নীতিৰাজ চলাব বিচাৰে বুলিও কুমাৰে এই দলবোৰক কটাক্ষ কৰিছে৷

You might also like