নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰব বিশ্বত ভাৰতীয় সামগ্ৰী বৰ্জনৰ প্ৰচাৰ, কুৱেইট-কাটাৰ-ইৰাণৰ পাছত ছৌদি আৰৱেও দৰ্শালে আপত্তি

বিশেষ বাৰ্তা, ৬ জুনঃ বিজেপিৰ মুখপাত্র নূপুৰ শর্মা আৰু নবীন জিন্দালে পয়গম্বৰ হজৰত মহম্মদক লৈ বিতর্কিত মন্তব্য কৰাৰ বিষয়টোৱে কেৱল দেশতেই নহয়, বিদেশতো জোকাৰণি তুলিছে। আনকি আৰব বিশ্বত ভাৰতক বৰ্জনৰ প্ৰচাৰ চলিছে। কুৱেইট, কাটাৰ আৰু ইৰাণৰ আনুষ্ঠানিক টোকাসমূহৰ প্ৰতি সঁহাৰি জনাই অৱশেষত দেওবাৰে বিজেপিয়ে দলৰ প্রাথমিক সদস্য পদৰ পৰা নিলম্বন কৰিছে দুয়োগৰাকী মুখপাত্রক৷ ইয়াৰ পাছতো ইছলামিক দেশসমূহৰ পৰা প্ৰতিক্ৰিয়া আহিয়েই আছে। এইবাৰ আনুষ্ঠানিকভাৱে এই মন্তব্যৰ ওপৰত আপত্তি কৰিছে ছৌদি আৰবে। বিদেশ মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি ছৌদি আৰবে বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মাৰ মন্তব্যক “অপমানসূচক” বুলি অভিহিত কৰি “বিশ্বাস আৰু ধৰ্মৰ প্ৰতি সন্মান”ৰ আহ্বান জনায়।শেহতীয়াকৈ ৰিয়াদে এই মন্তব্যক গৰিহণা দিছে। উপসাগৰীয় দেশসমূহত ভাৰতীয় সামগ্ৰী বৰ্জনৰ বাবে ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ চলাৰ সময়তে দেওবাৰে কাটাৰ, কুৱেইট আৰু ইৰাণে ভাৰতীয় দূতক মাতি এই মন্তব্যৰ বিৰোধ কৰে।

You might also like