নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল ‘পাপ্পু’ নহয়, বুদ্ধিমানহে!-ৰঘুৰাম ৰাজন

নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী: ৰাহুল গান্ধী ‘পাপ্পু’ নহয়৷ কংগ্রেছ নেতা ৰাহুল বুদ্ধিমান তথা কৌতুহলী মানুহ৷ ৰাহুলৰ প্রশংসাত এইবাৰ পঞ্চমুখ হ’ল ৰিজার্ভ বেংকৰ প্রাক্তন গৱর্নৰ ৰঘুৰাম ৰাজন৷ কেইদিনমান পূর্বে ৰাহুলৰ সৈতে ‘ভাৰত জোড়ো যাত্রা’ত অংশগ্রহণ কৰিছিল ৰাজনে৷ তেতিয়াই ৰাজনে কংগ্রেছত যোগদান কৰিব বুলি চর্চা চলিছিল৷ কিন্তু কোনো ৰাজনৈতিক দলত ৰাজনে যোগদান নকৰে বুলি ঘোষণা কৰিছে যদিও শেহতীয়াকৈ ৰাহুলক লৈ কৰা মন্তব্যৰ পাছত পুনৰ বিষয়টো চর্চালৈ আহিছে৷

You might also like