নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত ৰহস্যজনকভাৱে মহিলাৰ মৃত্যু; স্বামীক আটক

নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী: দুলীয়াজান আৰক্ষী থানাৰ অৰ্ন্তগত গজালবস্তি অঞ্চলত আজি এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত খৱৰ অনুসৰি দুলীয়াজানৰ গজালবস্তি অঞ্চলৰ জয় কুমাৰ মাহাতুৰ পত্নী বুলবুলী মাহাতু (৪২) ৰ মৃতদেহটো আৰক্ষীয়ে‌ ৰহস্যজনকভাৱে নিজা বাসগৃহৰ পৰা উদ্ধাৰ কৰে । স্থানীয় ৰাইজে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি দীৰ্ঘদিনৰ পৰা স্বামীয়ে তেওঁৰ পত্নী বুলবুলী মাহাতুৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল । কালি নিশায়ো দুয়োৰে মাজত কাজিয়াৰ সুত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে । ঘটনাৰ সন্দৰ্ভত  স্থানীয় ৰাইজে আৰক্ষীক খৱৰ দিয়াৰ ভিত্তিত আৰক্ষীয়ে বাসগৃহটোৰ পৰা মহিলা গৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । শেহতীয়াকৈ আৰক্ষীয়ে ঘটনা সৰ্ন্দভত অভিযুক্ত জয় কুমাৰ মাহাতুৰ বিৰুদ্ধে দুলীয়াজান থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩০২ নম্বৰ ধাৰাত ১২/২০২৩ নম্বৰৰ এক গোচৰ ৰুজু কৰি অভিযুক্তক আটক কৰা লগতে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।  ইফালে মৃত মহিলা গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পাচতহে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলিও আৰক্ষী সূত্ৰই জানিবলৈ দিছে ।

You might also like