নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

video: ৰাবন দহনৰ সময়তে বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা নেতা-আৰক্ষী

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ এটা ভয়ংকৰ বিস্ফোৰণ। দশেৰাত ৰাবন দহন কৰিবলৈ পঞ্জাবৰ ডি এ ভি স্কুলৰ খেলপথাৰত উপস্থিত হৈছিল কংগ্রেছৰ প্রতিনিধি, বিধায়ক, স্থানীয় বাসিন্দা আৰু আৰক্ষী। কিন্তু ৰাবন দহনৰ সময়তে হোৱা এক বিস্ফোৰণত কথমপি প্ৰাণৰক্ষা পৰে সেই স্থানত উপস্থিত থকা লোকসকলৰ।

ৰাবনৰ শৰীৰত বান্ধি দিয়া হৈছিল একাধিক আতছবাজি। তাত জুই দিয়া মাত্রই একেবাৰতে ব্লাষ্ট হৈ পৰিল সকলো। যাৰ এক ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। অৱশ্যে সোভাগ্যক্ৰমে এই বিস্ফোৰণত কোনো লোকৰ হতাহতি হোৱা নাই।

চাওক সেই ভিডিঅ’-

You might also like