নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দোষী অনুভৱ নকৰিব! মূল্যবৃদ্ধিত জনতাৰ হাহাকাৰ, কিন্তু ৰাজনাথ সিঙৰ বাবে ‘সকলো ভাল’

বিশেষ বাৰ্তা, ২১ মেঃ মূল্যবৃদ্ধিক লৈ দোষী অনুভৱ নকৰিব। বিজেপি কৰ্মীসকলক কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দিলে এই পৰামৰ্শ। পুনেত বিজেপি কৰ্মীসকলৰ সৈতে হোৱা কথা-বতৰাত সিঙে কয় যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে যোগান শৃংখল স্তব্ধ হৈ পৰিছে। বহু দেশত মুদ্ৰাস্ফীতি হৈছে যদিও আমি নিজকে দোষী অনুভৱ কৰা উচিত নহয়। সিঙে পুনৰ কয় যে আমেৰিকাৰ দৰে ধনী দেশসমূহো মুদ্ৰাস্ফীতিৰ ফলত প্ৰভাৱিত হৈছে। আপোনালোকে জানি আচৰিত হ’ব যে বিশ্বৰ আটাইতকৈ ধনী দেশ আমেৰিকাত যোৱা ৪০ বছৰৰ ভিতৰত মুদ্ৰাস্ফীতি তুংগত। বৰ্ধিত মুদ্ৰাস্ফীতিৰ বিতৰ্ক চলি আছে … কোভিড-১৯ মহামাৰীৰ সময়ত সমগ্ৰ দেশ স্থবিৰ হৈ পৰিছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থনীতিৰ অৱস্থা বেয়া হ’বলৈ নিদিলে আৰু আমি ইয়াৰ শলাগ লোৱা উচিত। উল্লেখনীয় যে, যোৱা এবছৰত এল জি পি, পেট্ৰ’ল-ডিজেল, চি এন জিৰ পৰা ৰন্ধন তেল, খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। আইএএনএছ-চি ভোটাৰৰ সমীক্ষা অনুসৰি মূল্যবৃদ্ধি দেশৰ প্ৰধান সমস্যা, তাৰ পিছতে নিবনুৱা সমস্যা আৰু দুৰ্নীতি।

You might also like