নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএছএছৰ পৰা পৃথিৱীলৈ উভতিল ৰুছ অভিনেত্রী য়ুলিয়া

আন্তর্জাতিক মহাকাশ আস্থানত প্রথমখন চলচ্চিত্র ‘দ্য চেলেঞ্জ’ৰ দৃশ্যগ্রহণ সম্পন্ন

নিয়মীয়া বাৰ্তা ১৮ অক্টোবৰঃ আন্তর্জাতিক মহাকাশ আস্থান (আইএছএছ)ত প্রথমখন চলচ্চিত্রৰ দৃশ্যগ্রহণ কৰাৰ পিছত ৰাছিয়াৰ ক্লিম শ্বিপেনক’ আৰু অভিনেত্রী য়ুলিয়া পেৰেছিল্ড পৃথিৱীলৈ উভতি আহিছে৷ দেওবাৰে কাজাকাস্তানত দুয়োগৰাকীয়ে অৱতৰণ কৰাৰ পিছতেই চলচ্চিত্রৰ সৈতে জড়িত অন্য কলা–কুশলীসকলে তেওঁলোকক আদৰণি জনায়৷ লক্ষণীয়ভাৱে চলচ্চিত্র ‘দ্য চেলেঞ্জ’ৰ দৃশ্যগ্রহণৰ সময়ত আই এছ এছত সৃষ্টি হৈছিল ভয়াৱহ কম্পন৷

এই কম্পনৰ পৰা কথমপি ৰক্ষা পৰে য়ুলিয়া আৰু চলচ্চিত্র নির্দেশকগৰাকী৷ কোনো চিত্রনাট্য অবিহনে এই ছবিখনৰ দৃশ্যগ্রহণ কৰা হৈছে মহাকাশত৷ এইক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে পূর্বৰে পৰা মহাকাশ আস্থানত বাহৰ পাতি থকা নভোচৰ অ’লেগ নভিটস্কিয়ে৷ স্মর্তব্য যে ৰাছিয়াৰ তৰফৰ পৰা আই এ এছত প্রথমখন ছবিৰ দৃশ্যগ্রহণৰ পিছতে টম ক্রুইজক লৈ হলীউডে এখন ছবি নির্মাণৰ চিন্তা–চর্চা চলাইছে মহাকাশত৷ হলীউডৰ এই ছবিখনৰ বাবে উদ্যোগ গ্রহণ কৰিছে নাছা আৰু ধন কুবেৰ এলন মাস্কৰ স্পেচ এক্সে।

You might also like