নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাতি বিহুৰ লগত সংগতি ৰাখি বাসুগাঁও সুধাকণ্ঠ পথ ছাফাইকৰণ

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰ:  কালি বিহুৰ লগত সংগতি ৰাখি আজি চহৰখনৰ তিনি নং ৱাৰ্ড বাসুগাঁও উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পশ্চিমেৰে যোৱা পথছোৱাৰ দুয়োপাৰে গজি উঠা হাবি-জংঘলসমূহ আঁতৰাই ঝাঢ়ু দি পৰিস্কাৰ-পৰিচ্ছন্ন কৰাৰ লগতে পথছোৱাৰ কাষে কাষে বিভিন্ন প্ৰজাতিৰ ঔষধি গছ, সৌন্দৰ্য বৰ্ধন ফুল ইত্যাদি ৰোপণ কৰাৰ লগতে পূৰ্বে ৰোপণ কৰা ফল-ফুলৰ গুৰিত সাৰ প্ৰয়োগ কৰা হয় । চিত্তৰঞ্জন বৰ্মন, পবিত্ৰ মজুমদাৰ, দিবাকৰ দাস, লক্ষেশ্বৰ বৰুৱা, সন্তোষ বৰ্মণ, বিনোদ বৰ্মণ, আনোৱাৰ মণ্ডল, বৰুণ বৰ্মণ, প্ৰাঞ্জল মজুমদাৰ, ধৃতি মজুমদাৰ, ভৃগু মুনি ৰায় আদিৰ নেতৃত্বত ছাফাই আৰু গছপুলি ৰোপণ আদি কাৰ্য্যসমূহ ৰূপায়ণ কৰা হয় । কাতি বিহুৰ লগত সংগতি ৰাখি সুধাকণ্ঠ ড0 ভূপেন হাজৰিকা পথছোৱা পৰিস্কাৰ-পৰিচ্ছন্ন কৰাৰ লগতে কাষে কাষে ফুল-ফলৰ গছ পুলি ৰোপন কৰাত অঞ্চলৰ সচেতন লোকে সন্তুষ্টি প্ৰকাশ কৰে।

Input: ভৃগু মুনি ৰায়, বাসুগাঁও

You might also like