নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্ৰেইনৰ পাছত পোলেণ্ডত ৰাছিয়াৰ মিছাইল আক্ৰমণ

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰ:  ইউক্ৰেইনৰ পাছত নাটোৰ সদস্য দেশ পোলেণ্ডত ৰাছিয়াৰ মিছাইল আক্ৰমণ। ৰাছিয়াৰ সংবাদ সংস্থাই জনোৱা মতে, ইউক্ৰেইনৰ সীমান্তৰ লুবলিন ভইভ’ড’শ্বিপৰ (Lublin Voivodeship) জনবসতিপূৰ্ণ অঞ্চল প্ৰিজভ’ড’ত দুটা মিছাইল পৰে। এই ঘটনাত দুজন লোকৰ মৃত্যু ঘটিছে।

শেহতীয়া তথ্য অনুসৰি সীমান্তত উত্তেজনা বৃদ্ধি পোৱাৰ পিছত পোলেণ্ডে নিজৰ সেনাক সতৰ্ক হৈ থাকিবলৈ কৈছে। ইয়াৰ উপৰিও আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই বিষয়ত জি-৭ দেশ আৰু নাটোৰ সদস্য দেশৰ জৰুৰী বৈঠক আহ্বান কৰিছে।

You might also like