নিউজ ডেস্ক, ২৩ জানুৱাৰী : জ্ঞানবাপী বিতর্কৰ মাজতে শিৰোনামলৈ আহিছে মধ্যপ্রদেশৰ ভোজশালা৷ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে নির্দেশ দিয়ে যে আজি হিন্দু আৰু মুছলমান উভয় সম্প্রদায়ে নিজৰ নিজৰ ধর্মীয় উপাসনা কৰিব পাৰিব উক্ত বিতর্কিত এলেকাত৷ অর্থাৎ আজি সৰস্বতী পূজা আৰু জুম্মাৰ নামাজ একেলগে হ’ব ভোজশালাত৷
উচ্চতম ন্যায়ালয়ৰ নির্দেশ মর্মে ইয়াৰ বাবে উপযুক্ত ব্যৱস্থা গ্রহণ কৰিব স্থানীয় প্রশাসনে৷ উচ্চতম ন্যায়ালয়ে নির্দেশ দিয়ে যে দুপৰীয়া ১ বজাৰ পৰা ৩ বজালৈ এটা নির্দিষ্ট স্থানত জুম্মাৰ নামাজ পাঠ কৰিব স্থানীয় মুছলমান সম্প্রদায়ৰ লোকসকলে৷ তাৰ পিছত তেওঁলোকে বিতর্কিত ঠাই এৰি যাব৷ একেদৰে সৰস্বতী পূজাৰ অনুষ্ঠান সমাপ্ত হ’লে ভোজশালাৰ বিতর্কিত স্থানৰ পৰা আঁতৰি যাব হিন্দু সম্প্রদায়ৰ লোকসকলো৷
উল্লেখ্য যে ২৩ জানুৱাৰীত জুম্মাৰ নামাজ আৰু বসন্ত পঞ্চমী (সৰস্বতী পূজা) একেলগে পৰাত এই নির্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে৷ স্মর্তব্য যে মধ্যপ্রদেশৰ ধাৰ চহৰৰ ভোজনশালাত আছে হাজাৰ বছৰ পুৰণি এটা বিতর্কিত সৌধ৷ মুছলমানসকলৰ দাবী যে সেয়া আচলতে এটা মছজিদ৷ আনহাতে, হিন্দুসকলে দাবী কৰা মতে, এই সৌধটো ৰাজা ভোজে নির্মাণ কৰা এটা সৰস্বতী মন্দিৰ৷ ইয়াক লৈ দীর্ঘদিন ধৰি চলিছে বিতর্ক৷