সম্পাদকীয় : শিক্ষা ঋণ
উচ্চ শিক্ষা অর্জনৰ পথত এটা গুৰুত্বপূর্ণ সোপান হ’ল শিক্ষা ঋণ৷ সাম্প্রতিক সমাজত উচ্চ শিক্ষা আৰু সপোনক বাস্তৱ ৰূপ দিয়াৰ মাজত অদৃশ্য সেতু হ’ল শিক্ষা ঋণ৷ মধ্যবিত্ত পৰিয়ালৰ বাবে উচ্চ শিক্ষাৰ ব্যয় ক্রমাৎ ব’ব নোৱাৰা বোজাসদৃশ হৈছে৷ বিদেশত শিক্ষা গ্রহণৰ কথাটো আকাশলংঘী ব্যয়ৰ সৈতে সম্পর্কিত৷ স্কুল–কলেজৰ নিয়মীয়া মাচুলৰ পৰা আৰম্ভ কৰি বিদেশী শিক্ষানুষ্ঠানৰ শিক্ষাৰ লগতে ভ্রমণৰ খৰচ সকলো মিলাই লাখ টকাৰ প্রয়োজন৷ গতিকে মধ্যবিত্ত পৰিয়ালৰ সন্তানে উচ্চ শিক্ষা গ্রহণ কৰি নিজৰ সপোনক বাস্তৱ ৰূপ দিবলৈ যাওঁতে আর্থিক সমস্যা পৰিলক্ষিত হয়৷ এই সমস্যা সমাধানৰ বাবে শিক্ষা ঋণ অত্যন্ত প্রয়োজনীয় হৈ উঠিছে৷ বেংকসমূহে শিক্ষার্থীসকলক প্রদান কৰা শিক্ষা ঋণ হ’ল এটা বিশেষ ধৰণৰ ঋণ, যি তেওঁলোকৰ উচ্চ শিক্ষা অর্জনৰ পথ সুগম হ’বলৈ সুবিধা আগবঢ়ায়৷ চৰকাৰী বা বেচৰকাৰী উভয় খণ্ডৰ বেংকেই শিক্ষা ঋণ প্রদান কৰে যদিও চৰকাৰী বা ৰাজহুৱা খণ্ডৰ বেংকসমূহত এই ঋণৰ সুদৰ হাৰ তুলনামূলক কম হোৱা দেখা যায়৷ অৱশ্যে শিক্ষা ঋণ গ্রহণৰ ক্ষেত্রত কেইটামান গুৰুত্বপূর্ণ দিশ চালি–জাৰি চোৱা দৰকাৰ৷ দেশ বা বিদেশ য’তেই নহওক, অধিক ব্যয়সাপেক্ষ পাঠ্যক্রম অধ্যয়নৰ বাবে গ্রহণ কৰা ঋণ পিছলৈ বৃহৎ বোজাত পৰিণত হোৱাৰ আশংকা থাকে৷ আনকি পাঠ্যক্রম শেষ হোৱাৰ পাছতো কর্মসংস্থাপন নহ’লে শ’লঠেকত পৰাৰ আশংকা বিদ্যমান৷ সেইবাবে শিক্ষা ঋণ গ্রহণ কৰা সময়ত এইধৰণৰ কথাবোৰ মনত ৰখা উচিত৷ তেওঁলোকক বেংকে প্রদান কৰা ঋণৰ চর্তসমূহ ভালদৰে জানি ল’ব লাগে৷ বিশেষকৈ শিক্ষা ঋণৰ সুদৰ হাৰৰ বিষয়ে অৱগত হোৱা আৱশ্যক৷ আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টো হ’ল কিমান ঋণ গ্রহণ কৰিব সেই পৰিমাণ সন্দর্ভত সতর্ক হোৱাটো বাঞ্ছনীয়, যাতে ঋণ পৰিশোধ কৰিবলৈ কোনো অসুবিধা নহয়৷ বিভিন্ন বেংক যেনে– ষ্টেট বেংক, কানাড়া বেংক, পাঞ্জাব নেচনেল বেংক আদিয়ে শিক্ষা ঋণ দিয়াৰ ক্ষেত্রত আগভাগ লৈছে৷ অৱশ্যে কোনো ক্ষেত্রত ঋণৰ ধন মুকলি কৰি দিয়াত বিলম্ব হোৱাত শিক্ষার্থীসকল বিপাঙত পৰাও দেখা যায়৷ এই সন্দর্ভত শিক্ষাৰ পথ সুগম কৰিবলৈ কেন্দ্রীয় চৰকাৰৰ পি এম বিদ্যালক্ষ্মী আঁচনি প্রৱর্তন কৰিছে৷ এই আঁচনিৰ কেইটামান বিশেষ সুবিধা আছে৷ ই সম্পূর্ণ ডিজিটেল আৰু ইয়াৰ মাজত কোনো তৃতীয় পক্ষ নাথাকে৷
এই আঁচনিৰ অধীনত ‘কো লেটাৰেল’মুক্ত আৰু গেৰাণ্টৰমুক্ত শিক্ষা ঋণ প্রদান কৰা হয়৷ ইয়াৰ বাবে যোগ্যতা হ’ল যি মেধাৱী ছাত্রসকলৰ পৰিয়ালৰ বছৰি উপার্জন ৮ লাখ টকাৰ কম, তেওঁলোকে ৩ শতাংশপর্যন্ত সুদৰ ৰাজসাহায্য পাব পাৰে৷ এই ঋণ ১০ লাখ টকাপর্যন্ত কোনো আমানত বন্ধকী অবিহনে লাভ কৰিব পৰা যায়৷ অৱশ্যে বিশেষজ্ঞসকলৰ মতে কেৱল শিক্ষা ঋণৰ ওপৰত নির্ভৰ নকৰি বৃত্তি বা অন্য কোনো আর্থিক সাহায্যৰ সন্ধান কৰা বাঞ্ছনীয়৷ ভাৰত চৰকাৰে আর্থিকভাৱে পিছপৰা শিক্ষার্থীসকলৰ বাবে বৃত্তিমূলক শিক্ষা আৰু প্রশিক্ষণ ঋণ প্রকল্প আৰম্ভ কৰিছে৷ এই প্রকল্পৰ নেচনেল চাফাই কর্মচাৰী ফাইনেঞ্চ এণ্ড ডেভেলপমেণ্ট (এন এছ কে এফ ডি চি)ৰ দ্বাৰা ৪ লাখ টকাপর্যন্ত ঋণ প্রদান কৰা হয়৷ এই ঋণৰ সুদৰ হাৰ কম আৰু সবলীকৰণ মন্ত্রালয়ৰ বৃত্তিমূলক শিক্ষা আৰু প্রশিক্ষণৰ বৰ সহায়ক বিবেচিত হৈছে৷ আর্থিকভাৱে পিছপৰা শিক্ষার্থীসকলৰ বাবে আগবঢ়োৱা এই আঁচনিৰ অধীনত ঋণ গ্রহণ কৰি অনায়াসে প্রশিক্ষণ বা পাঠ্যক্রমৰ খৰচ, কিতাপ–পত্র, সা–সৰঞ্জাম আৰু থকা–খোৱাৰ খৰচৰ জোৰা মাৰিব পৰা যায়৷ প্রার্থীৰ বয়সৰ সীমা ১৮ বছৰৰ পৰা ৫০ বছৰ৷ উল্লেখনীয় যে সাম্প্রতিক কালত বিশেষকৈ ২০২৫ বর্ষত আমেৰিকা যুক্তৰাষ্ট্রত ট্রাম্প প্রশাসনে ভিছাৰ নিয়মাৱলী কঠোৰ কৰি দিয়াৰ ফলত বিদেশত পঢ়িবলৈ যোৱাৰ বাবে শিক্ষা ঋণৰ পৰিমাণ ৩০–৫০ শতাংশ হ্রাস পাইছে৷ বহু শিক্ষার্থীয়ে শিক্ষা ঋণ গ্রহণ কৰি অধ্যয়ন সমাপ্ত কৰাৰ পাছতো চাকৰি নোপোৱাৰ বাবে শ’লঠেকত পৰিছে৷ উচ্চ শিক্ষাৰ ব্যয় বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ঋণৰ পৰিমাণো দুগুণৰো অধিক হৈছে৷ ইয়াৰ ফলত নতুনকৈ চাকৰিত যোগদান কৰা যুৱক–যুৱতীৰ প্রথম কেইটামান বছৰ ঋণৰ কিস্তি পৰিশোধ কৰোঁতেই অতিবাহিত হৈছে৷ ক’ভিড মহামাৰীৰ পৰৱর্তী সময়ৰ অর্থনৈতিক অনিশ্চয়তা, চাকৰিৰ বজাৰত প্রতিযোগিতা– এই আটাইবোৰ মিলি ঋণ পৰিশোধত ব্যর্থতাৰ বিপদশংকা বৃদ্ধি পাইছে৷ শিক্ষা ঋণৰ ফলত শিক্ষা আগতকৈ অধিক বাণিজ্যিক হৈ পৰাৰ দিশে আগুৱাইছে৷ যিসকল শিক্ষার্থীয়ে ঋণ ল’বলৈ সক্ষম নহয়, তেওঁলোকৰ বাবে উচ্চ শিক্ষা আকাশকুসুম হৈ ৰোৱাৰ আশংকা পৰিলক্ষিত হৈছে৷ ইয়াৰ বাবে চৰকাৰ আৰু বেংকসমূহে চিন্তা–চর্চা কৰা আৱশ্যক৷ দৰিদ্র পৰিয়ালৰ শিক্ষার্থীৰ বাবে শিক্ষা ঋণ পৰিশোধৰ নমনীয় আর্হি গঢ়ি তোলাৰ লগতে অধিক স্বচ্ছতা গ্রহণ কৰা প্রয়োজনীয়৷ সুদৰ হাৰ আৰু হ্রাস কৰা বাঞ্ছনীয়৷ শিক্ষাক ঋণৰ মেৰপাকত পেলালে জাতিৰ ভৱিষ্যৎ সংকটৰ গৰাহত পৰিব৷ তদুপৰি ঋণ গ্রহণ কৰা শিক্ষার্থী আৰু তেওঁলোকৰ অভিভাৱকেও ভবা উচিত– শিক্ষা ঋণ গ্রহণ কৰিলে সপোন বাস্তৱ হ’ব নে সপোনৰ ডেউকা কটা যাব৷ এতিয়া শিক্ষা ঋণক অধিক মানৱীয় কৰি তোলাটো সময়ৰ আহ্বান৷