নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰাপত্তা পৰিষদত ভাৰতবিৰোধী অৱস্থান চীনৰ

আল–কায়দা নিষেধাজ্ঞা কমিটীত নেতৃত্ব প্রদানৰ বিৰোধিতা

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা কমিটীত ভাৰতে মুৰব্বীৰ দায়িত্ব পালনৰ ক্ষেত্রত প্রতিৰোধ লগাইছে চীনে৷ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত আফগানিস্তান সন্দর্ভত ভাৰতে সদায় বিভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰি আহিছে৷ চীনে পুনৰবাৰ ৰাষ্ট্রসংঘৰ শীর্ষ সংস্থাটোত ভাৰতৰ বিৰুদ্ধে অৱস্থান গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ নিৰাপত্তা পৰিষদৰ ১২৬৭ (আইছিল আৰু আল–কায়দা) নিষেধাজ্ঞা কমিটীত মুৰব্বীৰ দায়িত্ব লাভ কৰিছিল ভাৰতে৷ কিন্তু নিৰাপত্তা পৰিষদৰ পাঁচ স্থায়ী সদস্য দেশৰ অন্যতম চীনে ভাৰতক ইয়াৰ নেতৃত্ব লোৱাৰ ক্ষেত্রত প্রতিৰোধ লগাইছে৷ উল্লেখনীয় যে এই নিষেধাজ্ঞা কমিটীয়ে আন্তর্জাতিক সন্ত্রাসবাদীবোৰক তালিকাভুক্ত কৰি আহিছে৷ এই তালিকাত আছে পাকিস্তানী সন্ত্রাসবাদী মাছুদ আজহাৰ, হাফিজ ছয়ীদ, জাকি–উৰ–ৰেহমান লাখভিকে ধৰি কেইবাটাও কুখ্যাত সন্ত্রাসবাদী৷ তালিকাত সন্নিৱিষ্ট কেইবাটাও সন্ত্রাসবাদী ২০০৮ মুম্বাই আক্রমণৰ ঘটনাত জড়িত বুলি চিহ্ণিত কৰা হৈছে৷ লক্ষণীয়ভাৱে পাকিস্তানৰ সৈতে চীনৰ আছে মধুৰ সম্পর্ক৷ সেইবাবেই নিৰাপত্তা পৰিষদত এই নিষেধাজ্ঞা কমিটীৰ মুৰব্বীৰ দায়িত্ব লাভ কৰা ভাৰতৰ বিৰুদ্ধে প্রতিৰোধ লগোৱা বুলি বেইজিং প্রশাসনৰ বিৰুদ্ধে বিভিন্ন মহলে অভিযোগ আনিছে৷ যোৱা সপ্তাহত নিৰাপত্তা পৰিষদে ঘোষণা কৰিছিল যে তিনিখন গুৰুত্বপূর্ণ কমিটীৰ মুৰব্বীৰ দায়িত্ব ভাৰতক প্রদান কৰা হৈছে৷ এই কমিটী তিনিখন হৈছে তালিবান নিষেধাজ্ঞা কমিটী, ২০২২ৰ বাবে সন্ত্রাসবাদ প্রতিৰোধী কমিটী আৰু লিবিয়া নিষেধাজ্ঞা কমিটী৷ কিন্তু নিৰাপত্তা পৰিষদে দায়িত্ব প্রদান কৰাৰ পিছতেই পূর্বৰ দৰেই বিশ্বৰ সর্বোচ্চ সংস্থাটোত ভাৰতৰ বিৰুদ্ধে অৱস্থান গ্রহণ কৰিছে চীনে৷

You might also like