নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবেক অ’বেৰয়ৰ আত্মীয় আদিত্যক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ বলীউডৰ অভিনেতা বিবেক অ’বেৰয়ৰ আত্মীয় আদিত্য আলভা ড্রাগছৰ ব্যৱহাৰ তথা সৰবৰাহৰ গোচৰত বাংগালুৰুৰ আৰক্ষীৰ কেন্দ্রীয় অপৰাধ শাখা (চি চি বি আই)ই গ্রেপ্তাৰ কৰিছে৷ সুদীর্ঘ চাৰি মাহ ধৰি পলাতক অৱস্থাত থকা আদিত্য আলভাক চেন্নাইৰ পৰা কালি নিশা গ্রেপ্তাৰ কৰা বুলি বাংগালুৰু আৰক্ষীৰ যুটীয়া আয়ুক্ত সন্দীপ পাটিলে সংবাদ মাধ্যমক জনাইছে৷ অভিনেতা বিবেক অ’বেৰয়ৰ পত্নী প্রিয়ংকা আলভাৰ ভাতৃ আদিত্য হৈছে বাংগালুৰু আৰক্ষীয়ে ড্রাগছ সৰবৰাহ আৰু গোচৰত অভিযুক্ত কৰা ষষ্ঠগৰাকী লোক৷ ইতিমধ্যে আদিত্যক বাংগালুৰুলৈ অনা হৈছে৷ আৰক্ষীয়ে আজি আদিত্যক আদালতত হাজিৰ কৰায় যদিও আদালতে গোচৰটো সন্দর্ভত কি সিদ্ধান্ত গ্রহণ কৰিছে তাক এই বাতৰি যুগুতোৱাৰ পৰলৈ জানিব পৰা হোৱা নাই৷

You might also like