নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসেনাৰ প্রথম মুখ্যমন্ত্রী মনোহৰ যোশীৰ দেহাৱসান

বিশেষ বাৰ্তা, ২৩ ফেব্রুৱাৰী : শিৱসেনাৰ পৰা প্রথমবাৰৰ বাবে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রীৰ পদত আৰোহণ কৰা বর্ষীয়ান ৰাজনীতিক মনোহৰ যোশীৰ দেহাৱসান ঘটিছে৷ শিৱসেনাৰ প্রতিষ্ঠাতা বালাচাহেব ঠাকৰেৰ সোঁহাত হিচাপে পৰিচিত আছিল মনোহৰ যোশী৷ ৮৬ বছৰ বয়সত যোশীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ মুম্বাইৰ এখন হাস্পতালত আজি পুৱা যোশীৰ দেহাৱসান ঘটাৰ লগে লগে নেতাগৰাকীৰ গুণমুগ্ধসকলে গভীৰ শোক প্রকাশ কৰিছে৷ পৰিয়ালৰ সূত্রই সদৰী কৰা অনুসৰি, দুদিন পূর্বে হৃদক্ৰিয়াত আক্রান্ত হৈছিল যোশী৷ মুম্বাইৰ এখন বেচৰকাৰী হাস্পতালত ভর্তি কৰোৱা হৈছিল নেতাগৰাকীক৷ কিন্তু চিকিৎসকৰ সকলো চেষ্টা ব্যর্থ হয়৷ উল্লেখনীয় যে মুম্বাইৰ সাধাৰণ কাউন্সিলৰৰ পৰা মুখ্যমন্ত্রীৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছল যোশীয়ে৷ ১৯৯৫ৰ পৰা ১৯৯৯ চনলৈ মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী আছিল মনোহৰ যোশী৷ অবিভক্ত শিৱসেনাৰ প্রথমগৰাকী মুখ্যমন্ত্রীৰ দায়িত্ব পোৱাৰ পূর্বে ৰাজ্যৰ বিৰোধী দলনেতাও আছিল যোশী৷ ১৯৭৬ চনত মুম্বাইৰ মেয়ৰো হৈছিল নেতাগৰাকী৷ ১৯৯৯ চনত লোকসভালৈ নির্বাচিত হোৱা যোশীয়ে ২০০২ৰ পৰা ২০০৪ চনলৈকে লোকসভাৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল৷ প্রায় ৪০ বছৰ ধৰি সক্রিয় ৰাজনীতিত আছিল মনোহৰ যোশী৷ অতি প্রভাৱশালী শিৱসেনাৰ নেতা যোশীৰ মৃত্যুত স্বাভাৱিকতে শোকৰ ছাঁ পৰিছে ৰাজনৈতিক মহলত৷ আজি বিয়লিৰ ভাগত শেষকৃত্য সম্পন্ন কৰা হয় নেতাগৰাকীৰ৷

You might also like