নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ–উত্তৰ ভাৰতত স্বাভাৱিক হ’ব মৌচুমীঃ বৰষুণ ৯৬–১০৪ শতাংশ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী

নিয়মীয়া বাৰ্তা ২ জুনঃ দক্ষিণ আৰু উত্তৰ ভাৰতত স্বাভাৱিক হ’ব দক্ষিণ–পশ্চিম মৌচুমী৷ মধ্য ভাৰতত স্বাভাৱিকতকৈ ওপৰত থাকিব৷ স্বাভাৱিকতকৈ কম হ’ব পূব আৰু উত্তৰ ভাৰতত৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি এক বিবৃতিযোগে এই আগজাননী প্রকাশ কৰিছে৷ দক্ষিণ–পশ্চিম মৌচুমী ২০২১ক লৈ দ্বিতীয় দীর্ঘকালীন আগজাননী জাৰি কৰি বতৰ বিজ্ঞানৰ সঞ্চালকপ্রধান মৃত্যুঞ্জয় মহাপাত্রই কয় যে জুন মাহত মৌচুমী অর্থাৎ বৰষুণ স্বাভাৱিক হ’ব৷

দেশজুৰি এইবেলি মৌচুমী স্বাভাৱিক হোৱাৰ ফলত বৰষুণ স্বাভাৱিকেই হ’ব৷ ইয়ে দেশৰ কৃষি ক্ষেত্রলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে বাৰিষাৰ সময়ছোৱা দেশজুৰি ১০১ শতাংশ বৰষুণ হ’ব৷ অৱশ্যে ই চাৰি শতাংশ যোগ–বিয়োগ হ’ব পাৰে৷ অর্থাৎ সমগ্র দেশত ৯৬ৰ পৰা ১০৪ শতাংশ বৰষুণৰ সম্ভাৱনা আছে৷ দীর্ঘ সময় গড় (এলপিএ) যদি ৯৬ৰ পৰা ১০৪ শতাংশ বৰষুণৰ সম্ভাৱনা থাকে, তেতিয়াহ’লে এই বৰষুণৰ মাত্রা স্বাভাৱিক শিতানত ৰখা হয়৷ বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকপ্রধানগৰা অনলাইনযোগে এই বিবৃতি প্রকাশ কৰি এই কথা স্পষ্ট কৰি দিয়ে যে বিভাগৰ আগজাননী অনুসৰি ৪০ শতাংশই স্বাভাৱিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷

You might also like