নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুইটাৰৰ নক্সাত চীনৰ অভ্যন্তৰৰ অঞ্চল লেহ

ক্ষুব্ধ নতুন দিল্লী প্রশাসনৰ কঠোৰ সকীয়নি

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ  ছ’চিয়েল মিডিয়া মঞ্চ টুইটাৰৰ নক্সাত লেহক চীনৰ অংশ হিচাপে চিহ্ণিত কৰাক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে কেন্দ্রীয় চৰকাৰে৷ ভাৰতীয় নাগৰিকৰ আৱেগক সন্মান জনাবলৈ সকীয়নি দি টুইটাৰৰ চিই’ জেক দর্ছিক পত্র প্রেৰণ কৰিছে নতুন দিল্লীয়ে৷ ভাৰতীয় সংবিধানৰ দ্বাৰা পৰিচালিত ভাৰত চৰকাৰৰ আভ্যন্তৰীণ আৰু অবিচ্ছেদ্য অংশ লাডাখ আৰু জম্মু–কাশ্মীৰ বুলি পত্রখনত উল্লেখ কৰি টুইটাৰক ভৱিষ্যতে এনে ভুল নকৰিবলৈ কঠোৰ ভাষাৰে সকীয়নি দিছে চৰকাৰে৷

চৰকাৰৰ সূত্রই প্রকাশ কৰা মতে টুইটাৰলৈ প্রেৰণ কৰা পত্রখনত ছ’চিয়েল মিডিয়া প্লেটফর্মটোৱে ভাৰতৰ সার্বভৌমত্ব আৰু সংহতিক অসন্মান কৰিছে৷ কোম্পানীটোৰ এনে কার্য অগ্রহণযোগ্য আৰু বেআইনী৷ উল্লেখ্য যে টুইটাৰে নক্সাত লেহক চীনৰ অংশ হিচাপে চিহ্ণিত কৰিছে৷ লেহ হৈছে লাডাখৰ বৃহৎ চহৰ৷ কেন্দ্রীয়শাসিত অঞ্চল লাডাখৰ মুখ্য কার্যালয় লেহ৷

ইফালে আইটি সচিব অজয় ছাহনেই উল্লেখ কৰিছে যে টুইটাৰৰ এইধৰণৰ কার্যই ছ’চিয়েল মিডিয়া প্লেটফর্মত নিৰপেক্ষতাক লৈ সৃষ্টি কৰিব সন্দেহ৷ লাডাখ সীমান্তত চীনৰ সৈতে ভাৰতীয় সেনাই উত্তেজনা চলি থকা সময়তে টুইটাৰে ভাৰতীয় ভূখণ্ড চীনৰ আভ্যন্তৰত থকা বুলি প্রকাশ কৰা বিষয়টোত একাংশই গভীৰ ষড়যন্ত্র নিহিত হৈ থকা বুলিও ধাৰণা কৰিছে৷ অৱশ্যে তাৎক্ষণিকভাৱে এই বিষয়টো সন্দর্ভত বেইজিং প্রশাসনে কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷

You might also like