নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় চৰকাৰক ছুপ্রিম ক’ৰ্টৰ তীব্র ভর্ৎসনাঃ ভেকচিনৰ দাম কিয় পৃথক? কিয় নাটনি হৈছে ভেকচিন ড’জৰ?

নিয়মীয়া বাৰ্তা, ১ জুনঃ ক’ভিড–১৯ ভেকচিন নীতিক লৈ কেন্দ্রীয় চৰকাৰক তীব্র ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ৷ দেশজুৰি চলি থকা ক’ভিড–১৯ টিকাকৰণ নীতিত অনেক ত্রুটি থকা বুলি স্পষ্টকৈ মত প্রকাশেৰে কেন্দ্রীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে সর্বোচ্চ ন্যায়ালয়খনে৷

কেন্দ্রীয় চৰকাৰখনে ২০২১ চনৰ শেষলৈকে সকলো ভাৰতীয়ক টিকাকৰণ কৰা হ’ব বুলি ঘোষণা কৰা বিষয়টোক লৈ অসন্তুষ্টি প্রকাশ কৰি সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে ত্রুটিযুক্ত ভেকচিন নীতিক লৈ ভর্ৎসনা কৰে কেন্দ্রীয় চৰকাৰক৷ ভেকচিনৰ মূল্য নির্ধাৰণৰ বিবিধতা অর্থাৎ ঠাইভেদে ভেকচিনৰ মূল্য পৃথক, ভেকচিনৰ নাটনি আৰু গ্রামাঞ্চলত ভেকচিনৰ যোগানৰ অভাৱক লৈ কেন্দ্রক সমালোচনা কৰি দুই সপ্তাহৰ ভিতৰত এই বিষয়ক লৈ উত্তৰ বিচাৰে বিচাৰপীঠে৷ ২০২১ৰ শেহলৈকে কিদৰে দেশৰ সকলোকে টিকাকৰণ কৰা হ’ব সেই সন্দর্ভত প্রশ্ন উত্থাপন কৰি বিচাৰপীঠে কয় যে বিভিন্ন বয়সৰ গ্রুপৰ কাৰণে ভেকচিন যোগানত চৰকাৰে যি পথ লৈছে সেয়া বিশৃংখল হৈ আছে৷ এনে ক্ষেত্রত কিদৰে চৰকাৰে টিকাকৰণ সম্ভৱ কৰি তুলিব৷

কেন্দ্রক প্রশ্ন উত্থাপন কৰি বিচাৰপীঠে কয়– ‘ভেকচিন প্রদানৰ ক্ষেত্রত বয়সৰ গ্রুপ গঠন কৰাৰ ক্ষেত্রত চৰকাৰৰ পৰিকল্পনা সঠিক নহয়৷ ৪৫ বছৰৰ ঊর্ধ্বৰ সমগ্র জনসংখ্যাৰ বাবে কেন্দ্রই ভেকচিন ক্রয় কৰিছে৷ কিন্তু ১৮–৪৪ বছৰ বয়সৰ কাৰণে দ্বিবিভক্ত কৰিছে৷ ভেকচিন নির্মাতাসকলে ৫০ শতাংশ ৰাজ্যসমূহৰ কাৰণে উপলব্ধ কৰি ৰাখিছে আৰু কেন্দ্রৰ দ্বাৰা মূল্য নির্ধাৰণ কৰা হৈছে৷ বাকীখিনি ব্যক্তিগত হাস্পতালত দিয়া হৈছে৷ ইয়াৰ কাৰণে প্রকৃত আধাৰ কি? তদুপৰি আন এক প্রশ্ন উত্থাপন কৰি বিচাৰপীঠে কয় যে ৪৫ বছৰ ঊর্ধ্বৰ লোকৰ অধিক মৃত্যু ঘটা বুলি চৰকাৰে তথ্য দিছে৷ কিন্তু দ্বিতীয় জোৱাৰত এই বয়সৰ লোক গভীৰভাৱে আক্রান্ত হোৱা নাই৷ ১৮–৪৪ বছৰৰ লোকহে আক্রান্ত হৈছে৷

ভেকচিন ক্রয়ৰ যদি উদ্দেশ্যই আছে, কেন্দ্রীয় চৰকাৰে কিয় ৪৫ বছৰ ঊর্ধ্বৰ কাৰণে ভেকচিন ক্রয় কৰিছে? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, এল এন ৰাও আৰু এছ ৰবীন্দ্র ভাটৰ তিনিজনীয়া বিচাৰপীঠে আজি ত্রুটিযুক্ত ভেকচিন নীতিক লৈ কেন্দ্রীয় চৰকাৰক সমালোচনা কৰি কয় যে কিয় ৰাজ্যসমূহে ভেকচিনৰ কাৰণে কেন্দ্রতকৈ অধিক আদায় দিবলগীয়া হৈছে৷ কিয় নির্মাতাসকলৰ ওপৰত ভেকচিনৰ মূল্য নির্ধাৰণ কৰিবলৈ চৰকাৰে এৰি দিছে? কেন্দ্রীয় চৰকাৰে দেশৰ বাবে ভেকচিনৰ মূল্য এটা কৰাত দায়িত্ব ল’ব লাগিছিল৷

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ নীতি অনুসৰি যোৱা ১ মে’ৰ পৰা আৱশ্যক অনুযায়ী ৰাজ্যসমূহে ৫০ শতাংশ ভেকচিন নির্মাতাসকলৰ পৰা ক্রয় কৰাৰ সুবিধা পাইছে৷ কেন্দ্রীয় চৰকাৰে উচ্চ মূল্য নির্ধাৰণ কৰিছে৷ তেনেদৰে ব্যক্তিগত চিকিৎসালয়সমূহেও উচ্চ মূল্যত ভেকচিন ক্রয় কৰি আছে৷ আনপিনে ৰাজ্যসমূহে বিদেশৰ পৰা ভেকচিন ক্রয় কৰাৰ ক্ষেত্রত সাংবিধানিক প্রশ্ণৰ কথা আছে বুলি কেন্দ্রই উচ্চতম ন্যায়ালয়ৰ সমুখত যুক্তি প্রদর্শন কৰাত সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কেন্দ্রৰ ভূমিকাক লৈও অসন্তুষ্টি ব্যক্ত কৰে৷

লক্ষণীয় যে ভেকচিন লোৱাৰ বাবে ক’ উইন এপত নাম পঞ্জীয়ন কৰা প্রক্রিয়াটোক লৈ কেন্দ্রীয় চৰকাৰক ভর্ৎসনা কৰি বিচাৰপীঠে কয় যে চৰকাৰে ডিজিটেল বিভাজন কৰিছে৷ ভেকচিন লোৱাৰ ক্ষেত্রত বাধাৰ সৃষ্টি হৈছে৷ কিয়নো গ্রামাঞ্চলত ইণ্টাৰনেট সঠিকভাৱে উপলব্ধ নহয়৷ এনে ক্ষেত্রত ক’ উইনত নাম পঞ্জীয়ন কৰাটো চৰকাৰৰ সঠিক নীতি নহয়৷

You might also like