নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘এনাফ ইজ এনাফ, প্রধানমন্ত্রী এতিয়াও নিশ্চুপ কিয় ?’ লাডাখ সন্দৰ্ভত মোদীক প্রশ্ন ৰাহুল গান্ধীৰ

  • সীমান্তত সংঘৰ্ষক লৈ মোদীক কটাক্ষ ৰাহুল গান্ধীৰ
  • ৰাহুলৰ প্ৰশ্ন- কিয় নীৰৱ প্ৰধানমন্ত্ৰী মোদী ?

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ প্ৰায় ৪ দশকৰ পাছত পুনৰ উত্তপ্ত চীন-ভাৰত সীমান্ত। গলৱালত ভাৰতীয় ভূখণ্ডলৈ সোমাই অহা চীনৰ সেনাৰ এটা সশস্ত্র দলে অতর্কিতে আক্রমণ চলায় ভাৰতীয় সেনাৰ ওপৰত ৷ য’ত ছহীদ হয় ২০ জনকৈ ভাৰতীয় জোৱান । কিন্তু এই ক্ষেত্ৰত ভাৰত চৰকাৰ আশ্চৰ্যজনকভাৱে নীৰৱ ।

চৰকাৰৰ এই নীৰৱতাক লৈ এইবাৰ প্ৰশ্ন তুলিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । ৰাহুল গান্ধীৰ অভিযোগ, সীমান্তত চৰকাৰৰ নীৰৱতাই দেশবাসীক চিন্তাত পেলাইছে ।

সোমাবাৰৰ সংঘৰ্ষৰ পাছতে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে । তেওঁ এক টুইটযোগে মোদীক প্ৰশ্ন কৰিছে- “প্ৰধানমন্ত্ৰী মোদী কিয় নীৰৱ ? কিয় তেওঁ লুকুৱাইছে ? এনাফ ইজ এনাফ । আমি জানিব বিচাৰো প্ৰকৃততে সীমান্তত কি হৈছে ? কি সাহসত চীনে আমাৰ সেনা জোৱানক মাৰিলে ? কি সাহসত চীনে আমাৰ ভূখণ্ডত চকু দিছে ?”

You might also like