নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্ধাৰিত সময়ৰ পূর্বে অনির্দিষ্টকাললৈ স্থগিত লোকসভা

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ চলিত বাজেট অধিৱেশনৰ লোকসভাৰ কার্যসূচী অনির্দিষ্টকাললৈ স্থগিত ৰখা হৈছে৷ নির্ধাৰিত সময়ৰ পূর্বে অর্থাৎ সামৰণি পৰিবলৈ দুসপ্তাহ বাকী থকা অৱস্থাতে কালি লোকসভা অনির্দিষ্টকাললৈ স্থগিত ঘোষণা কৰা হয়৷ লোকসভাৰ অধ্যক্ষ ওম বিৰলা ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পৰিপ্রেক্ষিতত বৃহস্পতিবাৰে সদনত উপস্থিত নাছিল৷

উল্লেখ্য যে যোৱা ২৯ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনৰ কার্যসূচী ৮ এপ্রিললৈকে নির্ধাৰিত কৰা হৈছিল যদিও কেইবাখনো ৰাজ্যৰ নির্বাচনৰ পৰিপ্রেক্ষিতত বিৰোধী দলৰ সাংসদসকলে লোকসভা স্থগিত ৰখাৰ আহ্বান জনাইছিল৷ কিন্তু সেই আহ্বানক গুৰুত্ব দিয়া হোৱা নাছিল৷

অৱশেষত লোকসভাৰ অধ্যক্ষ ক’ভিড–১৯ত আক্রান্ত হোৱা বাবে কার্যসূচী স্থগিত ৰাখিবলগীয়া হয়৷ উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীকে ধৰি কেইবাগৰাকী কেবিনেট মন্ত্রী সদনত উপস্থিত আছিল৷

You might also like