নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাভেদ আখতাৰৰ মানহানি গোচৰত জামিন অভিনেত্রী কংগনা ৰাণাৱাটৰ

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ প্রসিদ্ধ লেখক–গীতিকাৰ জাভেদ আখতাৰে ৰুজু কৰা মানহানি গোচৰ এটিত অভিনেত্রী কংগনা ৰাণাৱাটে আজি জামিন লাভ কৰে৷ জাভেদ আখতাৰৰ মানহানি গোচৰত অভিনেত্রী ৰাণাৱাটক মুম্বাই আদালতে জামিন প্রদান কৰিছে৷

বলীউডৰ প্রতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ এটি সাক্ষাৎকাৰত অভিনেত্রী কংগনা ৰাণাৱাটে গীতিকাৰ জাভেদ আখতাৰৰ প্রসংগ উত্থাপন কৰিছিল৷ এই সাক্ষাৎকাৰৰ পিছতে আখতাৰে অভিনেত্রী ৰাণাৱাটৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰে৷ সেই গোচৰৰ পৰিপ্রেক্ষিতত অভিনেত্রী ৰাণাৱাটে মুম্বাইৰ আদালতত হাজিৰ হৈ তেওঁৰ বিৰুদ্ধে জাৰি কৰা জামিনযুক্ত ৱাৰেণ্ট বাতিলৰ আবেদন জনায়৷ ইয়াৰ লগতে অভিনেত্রীগৰাকীয়ে জামিনৰো আবেদন জনায়৷ অভিনেত্রীগৰাকীৰ আবেদনৰ ভিত্তিত মুম্বাই আদালতে জামিন মঞ্জুৰ কৰে৷

You might also like