নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লস্কৰ-ই-তৈবাৰ ফোনযোগে ভাবুকি- বোমাৰে উৰুৱাই দিব মুম্বাইৰ তাজ হোটেল

নিয়মীয়া বাৰ্তা, ১ জুলাইঃ মায়ানগৰী মুম্বাইৰ দুখন তাজ হোটেল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছে পাকিস্তানী সন্ত্ৰাসবাদীয়ে । মঙলবাৰে নিশা পাকিস্তানৰ পৰা লস্কৰ ই তৈবাৰ সদস্যই তাজ হোটেলৰ কৰ্তৃপক্ষক হোটেলখন বোমাৰে উৰুৱাই দিব বুলি ভাবুকিৰ পাছতে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে ।

মুম্বাই আৰক্ষীয়ে হোটেল দুখনৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে । আৰক্ষী বিষয়াই জনোৱা মতে, ফোন নম্বৰটো ইতিমধ্য়ে চিনাক্ত কৰিবলৈ সক্ষম হৈছে ।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে ক’ৰোনা ভাইৰাছ মহামাহীৰ বাবে হোটেল দুখন বৰ্তমান বন্ধ ৰখা হৈছে । তদুপৰি অধিক অনুসন্ধানৰ বাবে চাইবাৰ চেলক দায়িত্ব অৰ্পণ কৰা হৈছে ।

You might also like