নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলকৰ আদায় নিদিলে বাজেয়াপ্ত কৰা হ’ব তাজমহল

নিয়মীয়া বাৰ্তা, ২১ডিচেম্বৰ: ১ কোটি টকাৰ সম্পত্তি আৰু জলকৰৰ জাননী প্রেৰণ কৰা হৈছে তাজমহল কর্তৃপক্ষলৈ৷ পূর্বৰে বাকী থকা এই কৰ ১৫ দিনৰ ভিতৰত আদায় দিবলৈ কর্তৃপক্ষক নির্দেশ দিছে আগ্রা পৌৰ নিগমে৷ ২০২১–২২ আৰু ২০২২–২৩ বিত্তীয় বর্ষৰ বাকী থকা এই কৰ ১৫ দিনৰ ভিতৰত আদায় নিদিলে সম্পত্তি বাজেয়াপ্ত কৰা হ’ব বুলিও কর্তৃপক্ষক সকীয়নি দিছে পৌৰ নিগমে৷ অর্থাৎ কৰ আদায় নিদিলে তাজমহল বাজেয়াপ্ত কৰা হ’ব বুলি আগ্রা পৌৰ নিগমৰ তৰফৰ পৰা হুংকাৰ দিয়া হৈছে৷ তাজমহলৰ তত্ত্বাৱধানত থকা ভাৰতীয় পুৰাতত্ত্ব বিভাগে (এএছআই) আগ্রা পৌৰ নিগমৰ এই জাননী পোৱাৰ পাছতে স্তম্ভিত হৈ পৰিছে৷ এ এছ আইৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ৩৭০ বছৰীয়া ইতিহাসত এই প্রথমবাৰৰ বাবে কৰ আদায় দিয়াৰ জাননী জাৰি কৰা হৈছে তাজমহল কর্তৃপক্ষক৷ অৱশ্যে এয়া ভুলবশতঃ আগ্রা পৌৰ নিগমে প্রেৰণ কৰা বুলি ধাৰণা কৰিছে এ এছ আয়ে৷ তথাপি বিষয়টোক লৈ এতিয়া দেশৰ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷

You might also like