নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানৰ কুণ্ডুজসহ দুখন গুৰুত্বপূর্ণ চহৰত নিয়ন্ত্রণ সাব্যস্ত তালিবানৰ

নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ আফগানিস্তানত সেনা আৰু তালিবানৰ তুমুল সংঘর্ষ চলি থকাৰ সময়তে ইছলামিষ্ট সন্ত্রাসবাদী সংগঠনটোৱে আজি দেশখনৰ দুখন গুৰুত্বপূর্ণ চহৰত সাব্যস্ত কৰিছে নিজৰ নিয়ন্ত্রণ৷ তালিবানে উত্তৰ আফগানিস্তানৰ কুণ্ডুজ চহৰ দখল কৰাৰ উপৰি ছাৰ–ই–পুৰ চহৰতো সাব্যস্ত কৰিছে নিয়ন্ত্রণ৷ স্থানীয় এগৰাকী আৰক্ষী বিষয়াই সংবাদ সংস্থা বি বি চিক জনোৱা অনুসৰি কুণ্ডুজ চহৰ

তালিবানৰ দখললৈ যোৱাৰ লগে লগে সন্ত্রাসবাদী সংগঠনটোৰ উৎসাহ দুগুণ বৃদ্ধি পাইছে৷ লক্ষণীয়ভাৱে কুণ্ডুজ হৈছে দেশখনৰ অতি গুৰুত্বপূর্ণ চহৰ৷ তালিবানৰ এই অগ্রগতিৰ লগে লগে চহৰখনত আৱাসিক অঞ্চলবোৰত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি৷ লক্ষণীয়ভাৱে শুকুৰবাৰৰ পৰা এতিয়ালৈকে তালিবানৰ হাতলৈ গৈছে চাৰিখন প্রদেশৰ ৰাজধানী চহৰ৷ চলিত বর্ষটোত কুণ্ডুজ দখল কৰি তালিবানে নিজৰ শক্তিৰ উমান দিয়াই নহয়, চৰকাৰী বাহিনীৰ বিৰুদ্ধে প্রত্যাহ্বান তীব্রতৰ কৰি তুলিছে৷ দুয়োখন চহৰৰ পৰা আজি আফগান সেনাই পলায়ন কৰা বুলিও বিবিচিৰ প্রতিবেদনত প্রকাশ পাইছে৷ স্মর্তব্য যে আফগানিস্তানৰ পৰা আমেৰিকা আৰু নাটো বাহিনীকে ধৰি বিদেশী সেনাই প্রত্যাৱর্তন প্রক্রিয়া আৰম্ভ কৰাৰ লগে লগে তালিবানে আক্রমণ তীব্রতৰ কৰিছে৷ ইতিমধ্যে দেশখনৰ বহু গুৰুত্বপূর্ণ সীমান্ত চকীও দখল কৰিছে তালিবানে৷

You might also like