পেঙেৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ- নগদ ধনসহ ৫ জনক আটক
নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ আজি সন্ধিয়া পেঙেৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আৰক্ষীয়ে ৫ জন লোকক আটক কৰিছে। উল্লেখ্য যে বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলা সমিতিৰ তৎপৰতাত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পুনা গগৈ আৰু বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লাৰ্ণিছ পেগুৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দলে ড্ৰাগছখিনি জব্দ কৰে। ঘটনাৰ বিৱৰণীমতে মাৰ্ঘেৰিটাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ লৈ দকটো বৰডুমচা অভিমুখে যাত্ৰা কৰে। ইফালে আৰক্ষীয়ে ক্ৰেতাৰ ভাৱত ডেৰলাখ টকাৰ বিনিময়ত একাংশ ড্ৰাগছ ক্ৰয় কৰি হাতেলোতে ধৰাৰ ব্লু- প্ৰিণ্ট ৰচে। ড্ৰাগছ মাফিয়াৰ দলে ক্ৰেতাৰূপী আৰক্ষীৰ দলটোক নতুন গ্ৰাহক হোৱাৰ বাবে আজি পুৱা ভাগৰ পৰা কেইবা ঠাইলৈ দৌৰাই অৱশেষত পেঙেৰীত লেনদেনৰ বাবে ৰয়গৈ। আৰক্ষী পক্ষৰ ক্ৰেতাজনে ড্ৰাগছ ক্ৰয়ৰ বাবে লৈ যোৱা টকাখিনি গণনা কৰি থকা সনয়তেই বৰডুমচাৰ পৰা লাৰ্ণিছ পেগুৰ নেতৃত্বত অহা আৰক্ষীৰ দল আৰু মাৰ্ঘেৰিটাৰ পৰা অহা মহকুমা আৰক্ষী বিষয়াৰ দলে পেঙেৰীৰ পেট্ৰ’ল পাম্পৰ নিকটৱৰ্তী পেঙেৰী- বৰডুমচা পথত এগৰাকী যুৱতীসহ ৪ জন লোক অহা ৰূপালী ৰঙৰ এ এছ ২৩ জি ৯৭৫৬ নম্বৰৰ মাৰুটী এল্ট’ খন আগভেটি ধৰে। ধৃত ড্ৰাগছ মাফিয়া তথা আশা কৰ্মী কঁঠালগুৰি নিৱাসী ব্ৰজেন বৰুৱাৰ পত্নী ৰেখা বৰুৱা (৪০)সহ তেওঁৰ পুত্ৰ লক্ষ্যজিৎ বৰুৱা (১৯), বৰডুমচাৰ ২ নং মহঙৰ জগত দেউৰীৰ পুত্ৰ ভূপেন দেউৰী (৪৪), ইনথেমৰ প্ৰফুল্ল গিদিঙৰ পুত্ৰ মহেশ চিংফৌ (২৭) আৰু কঁঠালগুৰিৰ এজন নাৱালকৰ জিম্মাৰ পৰা দুটা টোপোলাত থকা প্ৰায় ২৭ গ্ৰাম ওজনৰ ‘হিৰ’ইন’ নামৰ ড্ৰাগছ জব্দ কৰে। ইয়াৰে লক্ষ্যজিৎ বৰুৱা পেঙেৰী চাৰি আলিত ৰৈ থকাৰ পাছত ঘটনাক্ৰমে আৰক্ষীৰ জালত পৰে। জনামতে ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৮ লাখ টকা। জনামতে ইয়াৰ মূল্য ‘ব্ৰাউন ছুগাৰ’ৰ মূল্যৰ দুগুণতকৈও অধিক। হিৰ’ইনৰ টোপোলাটোৰ উপৰি এটা মোবাইল হেণ্ড ছেট আৰু মাৰুটী এল্ট’খন জব্দ কৰি আৰক্ষীৰ দল ধৃত ৰেখাৰ কঁঠালগুৰিস্থিত বাসগৃহলৈ ৰাওনা হৈছে। লেডী ড্ৰাগছ মাফিয়া ৰেখাৰ বাসগৃহত আৰু অধিক ড্ৰাগছ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ পোৱা খবৰ অনুসৰি এই মুহূৰ্তত ৰেখাৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে বিস্তৰ পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন উদ্ধাৰ কৰিছে যদিও এতিয়াও সবিশেষ তথ্য জানিব পৰা হোৱা নাই। উল্লেখ্য যে আশা কৰ্মী ৰেখা বৰুৱা দীৰ্ঘ দিনৰ পৰা ড্ৰাগছৰ বেহাৰে জড়িত থকাৰ অভিযোগ আছে। অভিযোগ অনুসৰি আশাকৰ্মী ৰেখাই আনকি ১০৮ বাহনেৰেও ড্ৰাগছ সৰৱৰাহ কৰি আহিছিল। উল্লেখ্য যে বিগত কিছুদিন ধৰি মাৰ্ঘেৰিটাত আৰক্ষীয়ে ড্ৰাগছসহ কেইবাটাও মাফিয়াক গ্ৰেপ্তাৰ কৰিছে।