নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংগালুৰুৰ শ্মশানে শ্মশানে ‘হাউছ ফুল’ বেনাৰ

নিয়মীয়া বাৰ্তা ৪ মেঃ  ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে ঘাটক ভাইৰাছত আক্রান্ত ৰোগীৰ হাস্পতালত বিছনাৰ অভাৱৰ সমান্তৰালকৈ শ্মশানত মৃতদেহ সৎকাৰৰ বাবে চিতা–ভূমিৰ অভাৱ ঘটিছে৷ দেশজুৰি শ্মশানত মৃতদেহ সৎকাৰক লৈ অভাৱনীয় বেদনাদায়ক পৰিস্থিতিৰ সৃষ্টি হৈ আছে৷ এনে সময়তে বাংগালুৰুৰ শ্মশানসমূহৰ বাহিৰত মৃতহেদৰ শাৰী৷ শ্মশানত অন্তিম সৎকাৰৰ বাবে চিতা আৰু ভূমিৰ অভাৱ হোৱাত শ্মশান কর্তৃপক্ষই শ্মশানৰ গেটত আঁৰিবলগীয়া হৈছে ‘হাউছ ফুল’ বেনাৰ৷ ৰাজ্যখনৰ ছমৰাজপেড শ্মশান কর্তৃপক্ষই চৌহদৰ গেটত ‘হাউছ ফুল’ বেনাৰ আঁৰি ক’ভিড ৰোগীৰ মৃতহেদ অন্তিম সৎকাৰৰ বাবে আন শ্মশানলৈ নিবলৈ অনুৰোধ জনাইছে৷ বাংগালুৰু চহৰত ১৩খন বিদ্যুৎচালিত শ্মশান আছে যদিও এই শ্মশানকেইখনত মৃতদেহৰ ভিৰ বাঢ়ি যোৱাত কর্তৃপক্ষই অন্তিম সৎকাৰৰ বাবে অপাৰগ হৈ পৰিছে৷ এনে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কর্ণাটক চৰকাৰে বাংগালুৰুত নতুনকৈ ২৩০ একৰ ভূমি শ্মশান নির্মাণৰ বাবে আবণ্টন দিছে৷

You might also like