নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্রৱা সমষ্টিত কিয় পৰাজয়ৰ সন্মুখীন হ’ল আঙুৰলতা ডেকা? নিজেই ক’লে এইদৰে…

নিয়মীয়া বাৰ্তা, ৪ মে’: বিজেপিৰ অন্যতম নেত্রী আঙুৰলতা ডেকাই বটদ্রৱা সমষ্টিত কংগ্রেছ প্রার্থীগৰাকীৰ হাতত শোচনীয়ভাৱে বিপর্যস্ত হয়৷ দেওবাৰে ফলাফল ঘোষিত অসম বিধানসভা নির্বাচনত বহু হেভীৱেইট প্রার্থী পৰাজিত হৈছে৷ পৰাজয়বৰণ কৰা হেভীৱেইট প্রার্থীসকলৰ ভিতৰত অন্যতম হৈছে আঙুৰলতা ডেকা। কংগ্ৰেছৰ শিৱামনি বৰাৰ হাতত পৰাস্ত হয়  বিজেপিৰ আঙুৰলতা ডেকা।

ইপিনে নিৰ্বাচনৰ ফলাফলৰ দুদিন পাছতে নিজৰ পৰাজয়ৰ বিষয়ে ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰিলে আঙুৰলতাই। লগতে ছ’চিয়েল মিডিয়াত ব্যাপকৰূপে ভাইৰেল হোৱা তেওঁৰ এটা ভিডিঅ’ক লৈয়ো তেওঁ নিজৰ মত ব্যক্ত কৰিছে। পোষ্টটোত তেওঁ লিখিছে-

সদ্যসমাপ্ত বিধান সভা নিৰ্বাচনৰ ফলাফল আৰু মোৰ দৃষ্টিভংগী৷
“পোনপ্ৰথমেই বটদ্ৰৱা বাসী ৰাইজৰ জনাদেশক শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰিছোঁ আৰু ৰাইজে ৰাইজৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই অনাগত দিনত বটদ্ৰৱা সমষ্টিক উন্নয়নমুখী কৰি তোলক তাৰেই কামনা কৰিলোঁ৷ মোৰ ওপৰত বিশ্বাস ৰখা পঞ্চাশ হাজাৰৰো অধিক ৰাইজ আৰু বটদ্ৰৱাৰ প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ অক্লান্ত কাৰ্যকৰ্তাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’ম৷
বিগত ১৬ চনৰ নিৰ্বাচনত বটদ্ৰৱাত জয়ী হৈ প্ৰায় বিধ্বস্ত সমষ্টিটোৰ ৰাস্তা ঘাট আদি কৰি উন্নয়নৰ বহু কাম কৰাৰ চেষ্টা কৰিছিলোঁ আৰু লগতে এটা ক্ষেত্ৰত বিশেষ ভাৱে সৌভাগ্য লাভ কৰিছিলোঁ যে গুৰুজনাৰ ঐতিহ্য জড়িত বটদ্ৰৱা থানৰ ভূমি বেদখল মুক্ত কৰাৰ পৰা আৰম্ভ কৰি বিশ্ব সাংস্কৃতিক গৱেষণা কেন্দ্ৰ ‘#বটদ্ৰৱা_প্ৰকল্প‘ৰ নিৰ্মাণৰ কামৰ প্ৰাৰম্ভিক সকলো খিনি প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ সক্ষম হ’লো৷ গুৰুজনাৰ স্মৃতি সংৰক্ষণৰ এই কাম ভাগ সম্পাদন কৰা সুযোগ তথা এই অনুপম অভিজ্ঞতাই মোক গোটেই জীৱন আহ্লাদিত কৰি ৰাখিব৷ এই সকলো বোৰ সম্ভৱ হৈ উঠিছিল বটদ্ৰৱা বাসী ৰাইজৰ মৰম আৰু সহযোগিতাৰ বাবে৷
এইবাৰৰ বিধান সভা নিৰ্বাচন কিছু ব্যতিক্ৰম আছিল৷ এইবাৰৰ নিৰ্বাচনত বটদ্ৰৱা সমষ্টিত নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰিছিল সংখ্যালঘু ভোটাৰে৷ বটদ্ৰৱা সমষ্টিত জনগাঁথনিৰ প্ৰভাৱৰ ফলত সংখ্যালঘু ভোটাৰে একচেতীয়া ভাৱে কংগ্ৰেছৰ পক্ষত ভোটদান কৰাৰ বাবেই ভাৰতীয় জনতা পাৰ্টিয়ে পৰাজয় বৰণ কৰিব লগীয়া হ’ল৷ সাম্প্ৰদায়িক মেৰুকৰণেৰে ইয়াক সম্পূৰ্ণ পৰিকল্পিত ভাৱে সম্পাদন কৰা হ’ল৷ সংখ্যালঘুৰ দ্ৰুতগতিত জনসংখ্যা বৃদ্ধিয়ে খিলঞ্জীয়াক আজি বটদ্ৰৱাত সংখ্যালঘু কৰিলে৷
বটদ্ৰৱা সমষ্টিৰ দৰে এক সংখ্যালঘু বসতি প্ৰধান সমষ্টিত ভাৰতীয় জনতা পাৰ্টি পৰাজয় বৰণ কৰাতো একো অস্বাভাৱিক নহয় য’ত এ আই ইউ ডি এফৰ দৰে উগ্ৰ সাম্প্ৰদায়িক শক্তিৰ সহযোগত কংগ্ৰেছ দলে খিলঞ্জীয়াৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছিল৷
সদ্যঘোষিত নিৰ্বাচনী ফলাফলৰ বিশ্লেষণে এইটো তথ্যকেই আমাৰ দৃষ্টিগোচৰ কৰিছে যে এইবাৰৰ নিৰ্বাচনত সংখ্যালঘু সমাজ খনে উন্নয়নক একাষৰীয়া কৰি সম্পূৰ্ণ ধৰ্মৰ ভিত্তিত ভোটদান কৰিছিল৷ সংখ্যালঘু অঞ্চলত উন্নয়ন মূলক কাম তথা সমবিকাশৰ চিন্তাধাৰা তেনেই ভিত্তিহীন বুলি প্ৰমাণিত হ’ল৷ বটদ্ৰৱাৰ বাবে ই চৰম দুৰ্ভাগ্যজনক৷
অন্য এটা প্ৰসংগ : মই কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেত্ৰী প্ৰিয়ংকা গান্ধীক চোকা সমালোচনা কৰাটোক বহুতে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ সেয়েহে সকলোকে স্পষ্ট কৰি দিব বিচাৰিছোঁ যে মোৰ কৰ্মভূমি বটদ্ৰৱাত আহি এগৰাকী ৰাষ্ট্ৰীয় নেত্ৰীয়ে মোক ব্যক্তিগত ভাৱে অতি তুচ্ছ তাচ্ছিল্য কৰি আক্ৰমণ তথা অপমান কৰাৰ প্ৰশ্নৰ উত্তৰত এজন সাংবাদিকক তথা এটা সংবাদ প্ৰতিষ্ঠানত মই সেই গৰাকী ৰাষ্ট্ৰীয় নেত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰিবলৈ বাধ্য হৈছিলোঁ৷ নিজৰ ঘৰত আহি কোনোৱে মোক তুচ্ছ তাচ্ছিল্য কৰি ব্যক্তিগত আক্ৰমণ কৰা কাৰ্যক মই সহজ ভাৱে গ্ৰহণ কৰিব পৰা নাছিলোঁ৷
ৰাজনৈতিক প্ৰতিদ্বন্দ্বীতাত সদায় জয় পৰাজয় থাকেই৷ কাৰোবাৰ জয়ত বহুতে আনন্দ কৰিব আৰু বহুতে দুখ কৰিব৷ এয়াই ৰাজনীতি, এইয়া সকলো সময়ৰ খেল৷ ধৈৰ্য্যয়েই হৈছে শক্তি৷ গতিকে যি লক্ষ্যৰে ৰাজনীতিৰ পথাৰত ভৰি থৈ অনাগত দিনৰ বাবে ওলাই আহিছোঁ, সেই লক্ষ্যত উপনীত হ’বৰ বাবে যিমান পাৰোঁ কষ্ট কৰি যাম৷ সমাজৰ হৈ আছিলোঁ আছো আৰু সদায় থাকিম৷ বটদ্ৰৱাৰ উন্নয়ন হওক৷ ধন্যবাদ৷”
May be an image of 1 person and sitting
You might also like