নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় কাহৰ ছিৰাপ খাই উজবেকিস্তানত ১৮ শিশুৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৩০ডিচেম্বৰ: পুনৰ ভাৰতীয় দৰব প্রস্তুত সংস্থাৰ দৰব খাই বিদেশত প্রাণ হেৰুৱাবলগীয়া হৈছে শিশুৱে৷ এইবাৰ উজবেকিস্তানত ১৮ শিশুৰ মৃত্যু হৈছে নয়দাৰ দৰব প্রস্তুতকাৰী সংস্থা মেৰিয়ন বায়টেক প্রাইভেট লিমিটেডৰ চর্দি–কাহৰ ছিৰাপ ‘ডক–১ মাক্স’ খোৱাৰ পিছত৷ লগে লগে উত্তৰ প্রদেশ চৰকাৰে এই সংস্থাটোক চর্দি–কাহৰ ছিৰাপৰ উৎপাদন বন্ধ কৰিবলৈ নির্দেশ দিছে৷ ইয়াৰ উপৰি প্রপিলিন গ্লাইকলযুক্ত অন্য দৰববোৰ উৎপাদনৰ ক্ষেত্রতো নিষেধাজ্ঞা আৰোপ কৰিছে যোগী আদিত্যনাথ চৰকাৰে৷ আজি উত্তৰ প্রদেশ চৰকাৰৰ পৰা সদৰী কৰা হৈছে যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ অধীনস্থ সংস্থা ‘চেণ্ড্রেল ড্রাগ ষ্টেণ্ডার্ড অর্গেনাইজেচন’ আৰু ‘ড্রাগ কণ্ড্রলিং এণ্ড লাইঞ্চেচিং অথ’ৰিটী’য়ে এই সংস্থাৰ ঔষধবোৰ পৰীক্ষা কৰিব৷

You might also like