নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছসহ বিৰোধীক সমালোচনা প্ৰধানমন্ত্ৰীৰ

নৰেন্দ্ৰ মোদীয়ে শনিবাৰে (১৮ এপ্ৰিল) নিশা দেশবাসীক সম্বোধন কৰি কয় যে তেওঁ দেশৰ নাৰী শক্তিৰ পৰা ক্ষমা বিচাৰে। লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাৰ কথা উল্লেখ কৰি তেওঁ Congressসহ সমগ্ৰ বিৰোধী শিবিৰক সমালোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলাসকলে বিৰোধীক কেতিয়াও ক্ষমা নকৰিব। লগতে তেওঁ তৃণমূল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীকো তীব্ৰ সমালোচনা কৰে।

ভাষণৰ আৰম্ভণিতে তেওঁ কয়, “মই মোৰ ভনী-জীয়েকসকলৰ সৈতে কথা পাতিবলৈ আহিছোঁ। আজি ভাৰতৰ প্ৰতিজন নাগৰিকে দেখিছে কেনেদৰে ভাৰতৰ নাৰী শক্তিৰ উৰান বন্ধ কৰি দিয়া হ’ল, তেওঁলোকৰ সপোন নিষ্ঠুৰভাৱে চূৰমাৰ কৰা হ’ল। আমাৰ সকলো প্ৰচেষ্টাৰ পাছতো আমি সফল নহ’লোঁ। ‘নাৰী শক্তি বন্দন আইন’ সংসদত গৃহীত নহ’ল। ইয়াৰ বাবে মই সকলো মাক-ভনীসকলৰ পৰা ক্ষমা বিচাৰিছোঁ।”

প্ৰধানমন্ত্ৰীয়ে কয়, “বিল গৃহীত কৰিবলৈ প্ৰয়োজনীয় ৬৬ শতাংশ ভোট আমি নাপালেও মই জানো দেশৰ ১০০ শতাংশ নাৰী শক্তিৰ আশীৰ্বাদ আমাৰ সৈতে আছে। মই দেশৰ প্ৰতিজন নাৰীলৈ আশ্বাস দিছোঁ যে মহিলা সংৰক্ষণৰ পথত থকা সকলো বাধা আমি দূৰ কৰিম। এই বিলৰ বিৰোধিতা কৰা দলসমূহে সংসদ আৰু বিধানসভাত নাৰীসকলৰ অংশগ্ৰহণ বঢ়াব নোৱাৰাকৈ ৰাখিব নোৱাৰে।”

তেওঁ লগতে কয়, “কংগ্ৰেছে সদায়েই সংস্কাৰবোৰ বাধা দি আহিছে—ভ্ৰমিত কৰা, আৱদ্ধ কৰি ৰখা—এয়াই কংগ্ৰেছৰ নীতি আৰু কৰ্মসংস্কৃতি।”

নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছ আৰু টিএমচিক লক্ষ্য কৰি কয় যে তৃণমূল কংগ্ৰেছ, সামাজবাদী পাৰ্টী আৰু কংগ্ৰেছ—এই তিনিটা দলেই মহিলা বিৰোধী আৰু দেশৰ নাৰী শক্তিক আগবাঢ়িবলৈ দিব নিবিচাৰে।

প্ৰধানমন্ত্ৰীয়ে সমাজবাদী পাৰ্টিক সমালোচনা কৰি কয় যে এই দলটোৱে নাৰী শক্তি বন্দন বিলৰ বিৰোধিতা কৰি লোহিয়া জীৰ আদৰ্শক অপমান কৰিছে।

শেষত প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ বাবে দেশৰ স্বাৰ্থই সৰ্বোচ্চ। কিন্তু কিছুমান লোকৰ বাবে দলৰ স্বাৰ্থই সকলো হৈ পৰে, আৰু যেতিয়া দলৰ স্বাৰ্থ দেশৰ স্বাৰ্থতকৈ ডাঙৰ হৈ পৰে, তেতিয়া নাৰী শক্তি আৰু দেশ দুয়ো ক্ষতিগ্ৰস্ত হয়। এইবাৰো তেনেকুৱাই ঘটিছে।”

ডিজিটেল ডেস্ক, ১৯ এপ্ৰিল

You might also like