🔹 কঠোৰ শাস্তিৰ সন্মুখীন হ’ব বাধা দিয়াসকল
নিউজ ডেস্ক, ১২ আগষ্ট : নতুন দিল্লীৰ অলিয়ে–গলিয়ে ঘূৰি ফুৰা বাটৰ কুকুৰক তাৎক্ষণিকভাৱে আঁতৰোৱাৰ কঠোৰ নির্দেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে৷ জলাতংক ৰোগ আৰু অঘৰী কুকুৰৰ কামোৰত কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ এক গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে কয় যে দিল্লী–এনচিআৰৰ সমীপৱর্তী অঞ্চলৰ সকলো অঘৰী কুকুৰক তৎকালীনভাৱে ধৰিব লাগে৷ কুকুৰবোৰক বীজাণুমুক্ত ভেকচিন প্রদান কৰি নিৰাপদ আশ্রয় শিবিৰলৈ পঠাব লাগে৷ প্রশাসনে সর্বশক্তি প্রয়োগ কৰি এই কাম কৰিব লাগিব৷ এই কার্যত কোনো লোকে বাধা প্রদান কৰিলে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা হ’ব৷
সর্বোচ্চ ন্যায়ালয়ে লগতে কয় যে এই সন্দর্ভত কেৱল কেন্দ্রীয় চৰকাৰৰ বক্তব্যৰহে শুনানি গ্রহণ কৰা হ’ব৷ পশুপ্রেমী বা আন কোনো পক্ষৰ অনুৰোধ গ্রাহ্য নহ’ব৷ সাধাৰণ জনতাৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে৷ দুজনীয়া বিচাৰপীঠে পশুপ্রেমীক কুকুৰে কামোৰাৰ ফলত মৃত লোকক পুনৰ জীৱন দিব পাৰিবনে বুলিও প্রশ্ণ উত্থাপন কৰে৷ তদুপৰি অঘৰী কুকুৰক নিজৰ ঘৰলৈ লৈ গৈ পোহপাল দিবও নোৱাৰি৷ এনেক্ষেত্রত অভিজ্ঞ লোকৰ সহায়ত ধৰি নির্দিষ্ট আশ্রয় শিবিৰলৈ পঠিয়াব লাগিব৷ মন কৰিবলগীয়া যে বিগত ছমাহত দিল্লীত ৪৯জন লোকক বাটৰুৱা কুকুৰে কামুৰিছে৷ ইয়াৰে কেইবাজনো লোকৰ জলাতংক ৰোগত মৃত্যু হৈছে৷