নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাল কাম

  • ড০ খনিন্দ্র কুমাৰ বর্মন

আজিৰ পৰা কেইমাহমান আগতে বিশ্বৰ খেল সমৰক্ষেত্রৰ কেহবাটাও দিশত অসমৰ খেলুৱৈয়ে বৰ ভাল ফল প্রদর্শন কৰিছে৷ ভাল প্রদর্শনৰ তালিকাত আছে বক্সিঙত লাভলীনা বৰগোহঁাই, লনবলত নয়নমণি শহকীয়া, এথলীটত হিমা দাস৷ সমান্তৰালভাৱে উদ্ভাসিত হৈছে অংকুশিতা বডো, যমুনা বডো, শিৱ থাপা, অস্মিতা চলিহা আদি খেলৰ ক্ষেত্রখনত অনেক নাম৷ অসমলৈ পোনপ্রথমবাৰৰ বাবে অলিম্পিকত পদক জয়েৰে সুনাম কঢ়িয়াই অনা লাভলীনা বৰগোহঁাইক অসম চৰকাৰে যথোচিত সন্মান আৰু পুৰস্কাৰ প্রদান কৰিছে৷ নয়নমণি শহকীয়া নতুবা হিমা দাসেও অসম চৰকাৰৰ পৰা সন্মান পাইছে৷ অৱশ্যে ইয়াৰ আগতেও খেলৰ বিভিন্ন দিশত পাৰদর্শিতা দেখুৱাবলৈ সক্ষম হোৱা আন বহুত খেলুৱৈক অসম চৰকাৰে সন্মান বা পুৰস্কাৰ প্রদান কৰিছে৷ আমাৰ সন্মানীয় মুখ্যমন্ত্রীগৰাকীয়ে লাভলীনা বৰগোহাইক দেখুৱা যথোচিত সন্মান প্রদর্শনৰ ওপৰত কিছু মহলে সমালোচনা নকৰাকৈ থকা নাই৷ এনে সমালোচকসকলে সামাজিক মাধ্যমত এই বুলিও হৈ–চৈ কৰিছিল বোলে অত্যধিক মৰম–চেনেহৰ বাবে ছোৱালীজনীয়ে উটি–ভাহি গৈ নিজস্ব খেলৰ ছন্দ হেৰুৱাব৷ পিছে এনে সমালোচনা ভিত্তিহীন বুলি প্রমাণ হৈছে৷ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত লাভলীনাই অষ্ট্রেলিয়াৰ শক্তিশালী প্রতিদ্বন্দ্বী কেটলীন পার্কাৰক হৰুৱাই  সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হ’ল৷ এৰা, খেলুৱৈ এগৰাকীক যথাযোগ্য মৰম বা সন্মান প্রদর্শনে খেলুৱৈৰ মনোবল নিশ্চিতভাৱে নকমায়, বৰঞ্চ বঢ়াবহে৷ এই কথা লাভলীনাহঁতৰ দৰে খেলুৱৈসকলে প্রমাণ কৰি দেখুৱালে৷ জাতিটোক বিশ্ব দৰবাৰলৈ নিবলৈ সক্ষম হোৱা প্রতিজন লোকেহ যোগ্য সন্মান পাব লাগে৷ সেইদৰে অসমীয়া জাতিৰ প্রতিষ্ঠাৰ যুঁজত সফল হৈ জাতিক ৰক্ষা কৰা বীৰপুৰুষসকলকো উচিত সন্মান প্রদর্শন জাতিটোৰ প্রতিজন লোকৰে কর্তব্য৷ অসম চৰকাৰে বীৰ লাচিত বৰফুকনৰ বীৰগাথা বিশ্ব দৰবাৰত প্রতিষ্ঠাৰ বাবে কৰা প্রচেষ্টাক আদৰণি জনাব লাগে৷ সেহদৰে গোপীনাথ বৰদলৈ কিম্বা কুশল কোঁৱৰ, কনকলতাৰ দেশপ্রেমক আজিৰ প্রজন্মৰ ওচৰ চপাই অনা কার্যক কেতিয়াও ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত বুলি ভবাও সমীচীন নহয়৷ কিয়নো এনে কার্যৰ প্রয়োজন আছে৷ ৰবীন্দ্রনাথ ঠাকুৰদেৱৰ গীতাঞ্জলি ইংৰাজীলৈ অনুবাদ কৰাৰ পাছতহে ন’বেল আয়োজকৰ চকুত পৰিছিল৷ সেই হিচাপত আমি অসমীয়াই শ্রীমন্ত শংকৰদেৱৰ দৰে এগৰাকী প্রসিদ্ধ গুৰুক বিশ্বৰ কথা বাদেই ভাৰতবর্ষৰ আন প্রান্তত প্রচাৰ আৰু প্রসাৰ দিবলৈ সমর্থ হোৱা নাই৷ আজিৰ পৰা কেইবছৰমান আগত আমাৰ মাজৰ পৰা গুচি যোৱা ভূপেনদাই অসমত উপেক্ষিত হোৱাৰ ডপক্রম হোৱাৰ পাছতহে সর্বভাৰতীয় পর্যায়ত নিজৰ অকণমান ঠাই অধিকাৰ কৰিবলৈ সক্ষম হৈছিল৷
নিজৰ জাতিক ভাল পোৱাটো প্রতিজন লোকৰ দায়িত্ব আৰু কর্তব্য৷ জাতি এটা বিশ্বত চিনাকি পাবলৈ জাতীয় ঐতিহ্যসমূহ সুৰক্ষিত হৈ থকাৰ প্রয়োজন নিশ্চয় আছে৷ বিশ্ব দৰবাৰলৈ ডত্তৰণ ঘটাৰ সামূহিক প্রচেষ্টাক বাধা দিয়াৰ পৰিৱেশ নতুবা বা এনে কচৰৎ জাতিটোৰ বাবে অমংগল৷ অসমৰ ধর্মীয় ঐতিহ্যৰ চিন মা কামাখ্যা দেৱীৰ মন্দিৰে ভাৰতবর্ষৰ মানচিত্রত অসমক এক চিনাকি দিবলৈ হতিমধ্যে সক্ষম হৈছে বুলিব পাৰি৷ অম্বুবাচীৰ সময়ত অনুষ্ঠিত মেলাৰ সময়ত ভাৰতবর্ষৰ বিভিন্ন প্রান্তৰ পৰা আৰু অতি সম্প্রতি বিদেশৰ অতিথিও এহ মেলাত ভিৰ কৰাৰ এক পৰিৱেশ গঢ়ি উঠিছে৷ তেনেদৰে আমাৰ কাজিৰঙা অভয়াৰণ্য, মাজুলী, চৰাহদেউৰ দৰে ঐতিহ্যপূর্ণ ঠাহসমূহৰ উত্তৰণ এক হতিবাসক দিশ৷ আন এক বাতৰিয়ে ৰাজ্যখনৰ প্রায় সকলো স্তৰৰ সকলো লোককে সামৰিবলৈ ওলাহছে৷ ৰঙালী বিহু সমাগত৷ এইবাৰৰ ৰঙালী বিহুত একেলগে এঘাৰ হাজাৰতকৈ অধিক ঢুলীয়া–নাচনীৰ নাচৰ সমাৱেশৰ বাবে ৰজাঘৰীয়াৰ আয়োজন চলিছে৷ লক্ষ্য আমাৰ বাপতিসাহোন বিহুটিক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰা আৰু সমান্তৰালকৈ গীনিছ ৱর্ল্ড ৰেকর্ড স্থাপনৰ বাবে এক সমূহীয়া প্রচেষ্টা৷ চৰকাৰে এনে প্রচেষ্টাক হাতে–কামে লগাৰ বাবে এহবাৰৰ বাজেটত এশ কোটি টকাও ধার্য কৰিছে৷ বিষয়টো ৰাজনৈতিক মহলত বহুল চর্চিত হোৱাৰ ডপৰি কিছু সমালোচনাৰ সন্মুখীন নোহোৱাকৈ থকা নাহ৷ পিছে ভুলটো ক’ত? অসমীয়াৰ সন্মান ৰক্ষাৰ বাবে সমগ্র আসমীয়াক একগোট কৰাৰ প্রচেষ্টাত ৰাজনৈতিক দলবোৰে ৰাজনীতিকৰণ কৰিব কৰক৷ যদিহে প্রতিজন অসমীয়াহ এনে এটা কার্যসূচীত ভাগ লোৱাৰ সুবিধা পায়, তেনে এশ কোটিৰ পুঁজি অথলে যাব বুলি অসমীয়া জনসাধাৰণে নিশ্চয় ভাবিব নোৱাৰে৷ অৱশ্যে নিশ্চিত কৰিব লাগে যাতে অসমৰ বিভিন্ন প্রান্তৰ চুকে–কোণে থকা প্রতিভাবোৰো উপেক্ষিত হৈ নৰয়৷ দেশৰ সন্মানীয় প্রধানমন্ত্রীগৰাকীৰ্ আগত অসমীয়া জাতীয় বৈশিষ্ট্যৰে ভৰপূৰ বিহু নাচ প্রদর্শনক নেতিবাচক দিশেৰে সমালোচনা কৰাৰ পৰিৱেশ গঢ়ি তুলিব নালাগে৷ বিশ্ব দৰবাৰত বিহুক চিনাকি কৰিবলৈ এনে প্রচেষ্টাক আগুৱাহ যাব দিব লাগিব৷ তেতিয়াহে অসমীয়াৰ গামোচাখনৰ লগতে বিহুটিও প্রতিষ্ঠিত হ’ব৷ আমি এহ কথা বিদিত যে আমাৰ বিহুটি মার্গীয় সংস্কৃতিৰে সামৰি ৰখা হোৱা নাহ৷ বিহু অনুষ্ঠানবোৰত আন নালাগে বিহু আয়োজক সমিতিৰ লোকসকলেও অনুষ্ঠান চলি থকাৰ মাজতে লংপেণ্ট–ছার্ট পিন্ধিও বিহু নচা দেখা যায়৷ এনেবোৰ দিশৰ প্রতি নজৰ দিবৰ হ’ল৷ বিহু শাস্ত্রীয় মার্গৰ ৰীতি–নীতিৰে সমৃদ্ধ নহ’লেও বিহু নাচ নিজস্ব ৰীতি–নীতিৰ মাজত আবদ্ধ থাকে৷ এনে ৰীতি–নীতিৰ এক সার্বজনীন স্বীকৃতি ৰীতিবদ্ধ নিয়মৰ ব্যৱস্থাটো আগবাঢ়ক৷ তেতিয়াহে পৰিৱর্তনৰ ধামখুমীয়াত বিহু নাচ বিকৃত হৈ নপৰিব৷ এটা কথা ঠিক যে সাম্প্রতিক সময়ত হতিমধ্যে বিহুনাম বা বিহুগীত বহু পৰিমাণে পৰিৱর্তিত ৰূপত আত্মপ্রকাশ কৰিছে৷ কিছু বিকৃতও হৈছে৷
আমাৰ বিহু গামোচাখনক সমন্বয়ৰ বার্তা দিবলৈ গৈ বিকৃত ৰূপত ডপস্থাপন কৰাৰ যো–জা চলিছে নেকি বাৰু এটা কথা আমি জনা উচিত যে প্রতিটো জনগোষ্ঠীৰ নিজস্ব জাতীয় বস্তু আছে৷ এনে জাতীয় বস্তু সেহ জাতিটোৰ সাংস্কৃতিক সম্পদো৷ সমন্বয়ৰ নামত এহ বস্ত্রক গ্রহণযোগ্য ৰূপৰ বিপৰীতে উপস্থাপন কৰিবলৈ যত্ন কৰা ডচিত নহয়৷ সামাজিক মাধ্যমত এই বিষয়টো চর্চা হোৱা দেখা গৈছে৷ এনে বিষয় বিশেষ চর্চালৈ হয়তো আহিবই নালাগে৷ বঙালীসকলৰ আদৰৰ গামোচাখন অসমীয়া গামোচাৰ লগত সংলগ্ণ কৰা বিষয় সম্ভৱ হ’ব নোৱাৰে৷ দুয়োটা সম্প্রদায়ৰে দুয়োখন জাতীয় বস্ত্রৰ সুকীয়া বৈশিষ্ট্য আছে৷ অসমীয়া গামোচাখন হতিমধ্যে বিশ্বত নিজা চিনাকি লৈ সমাদৃতও হৈছে৷

You might also like