নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইললৈ সেনাৰ মুৰব্বী জেনেৰেল নাৰাৱনে

নিয়মীয়া বাৰ্তা ১৫ নৱেম্বৰঃ ইজৰাইলৰ সৈতে ভাৰতৰ প্রতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা সবলীকৰণৰ লক্ষ্যৰে পাঁচদিনীয়া ভ্রমণসূচীৰে দেশখনত উপস্থিত হৈছে ভাৰতৰ সেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাৱনে৷ কেন্দ্রীয় বৈদেশিক মন্ত্রী এছ জয় শংকৰে ইজৰাইল ভ্রমণ কৰি অহাৰ পিছতেই সেনাৰ মুৰব্বীগৰাকীয়ে দুই দেশৰ প্রতিৰক্ষা সম্পর্ক অধিক সবলীকৰণ কৰাৰ লক্ষ্যৰে পাঁচ দিন বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰিব৷ উল্লেখ্য যে ইয়াৰ পূর্বে আগষ্টত বায়ুসেনাৰ মুৰব্বী মার্শ্বাল আৰ কে এছ ভাদাউৰিয়াই দেশখন ভ্রমণ কৰিছিল৷

You might also like