নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ অর্থনীতি শক্তিশালী কৰিব পাৰে গো–মূত্রই

নিয়মীয়া বাৰ্তা ১৫ নৱেম্বৰঃ ৰাজ্যৰ লগতে দেশৰ অর্থনীতি শক্তিশালী কৰিব পাৰে গাইগৰু, গোবৰ আৰু মূত্রই৷ মধ্য প্রদেশৰ ৰাজধানী ভূপালত ভাৰতীয় পশু চিকিৎসা সংস্থাৰ দ্বাৰা আয়োজিত মহিলা পশু চিকিৎসকৰ অভিৱর্তন ‘শক্তি ২০২১’ শীর্ষক কার্যসূচীত অংশ লৈ গাই গৰুৱে ৰাজ্য আৰু দেশৰ অর্থনীতি শক্তিশালী কৰাত সহায় কৰিব পাৰে বুলি তাৎপর্যপূর্ণ মন্তব্য আবঢ়াইছে মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে৷ মুখ্যমন্ত্রীগৰাকীয়ে কয়, ‘গাই গৰু, গোবৰ আৰু মূত্রই ৰাজ্য আৰু দেশৰ অর্থনীতি শক্তিশালী কৰাত সহায় কৰিব পাৰে৷ যদি ইয়াক সঠিক পদ্ধতিৰে সঠিক স্থান দিয়া হয়৷ মই বিশ্বাস কৰোঁ যে আমি এদিন সফল হ’মেই৷ তদুপৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়, গৰুৰ গোবৰ আৰু গো–মূত্রৰ দ্বাৰা এতিয়া অনেক সামগ্রী প্রস্তুত কৰি থকা হৈছে৷ মধ্য প্রদেশৰ কিছুসংখ্যক শ্মশানত জনতাই কাঠৰ পৰিৱর্তে গোবৰ ব্যৱহাৰ কৰি আহিছে৷

ইপিনে মুখ্যমন্ত্রীগৰাকীয়ে সাম্প্রতিক সময়ত গাই গৰু, ম’হ আৰু ষাঁড়গৰু বিভিন্ন ৰোগত আক্রান্ত হৈ থকাৰ প্রসংগ উল্লেখ কৰি জনতাৰ বাবে যিদৰে ১০৮ এমুবলেঞ্চ ব্যৱহাৰ কৰি থকা হৈছে ঠিক তেনেদৰে জন্তুৰ কাৰণেও ১০৯ এম্বুলেঞ্চ সেৱা আৰম্ভ কৰাৰ চিন্তা–চর্চা কৰা বুলি কয়৷ মন কৰিবলগীয়া যে জন্তুক পশু চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্রত কিছু জটিল৷ সেই কাৰণে পশু চিকিৎসকসকলক জন্তু ৰখা ঠাইলৈ চিকিৎসাৰ বাবে যাব লাগে বুলিও কয় মুখ্যমন্ত্রীগৰাকীয়ে৷ মুখ্যমন্ত্রীগৰাকীয়ে পুনৰ কয় যে ৰাজ্য চৰকাৰে গাই গৰুৰ অভয়াৰণ্য আৰু আশ্রয়স্থল উন্নীত কৰি আছে৷ কিন্তু সমাজত এতিয়াও জন্তুৰ ক্ষেত্রত যি ধৰণৰ সচেতনতা, সজাগতাৰ আৱশ্যক সেই ধৰণৰ হৈ উঠা নাই৷ সেয়েহে ৰাজ্য চৰকাৰে এইক্ষেত্রত বিশেষ পদক্ষেপ লোৱাৰ পৰিকল্পনা চলাইছে৷ প্রসংগক্রমে উনুকিয়াওঁ যে গৰুৰ ৰক্ষণাবেক্ষণ আৰু গৰুক মর্যাদা প্রদানৰ বাবে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণৰ লগতে আইনো বলৱৎ কৰিছে৷

You might also like