নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ক’ৰোনাৰ ট্ৰিপল মিউটেণ্ট? প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখত দেশৰ চিকিৎসা খণ্ড

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ভাৰতত ক’ৰোনাৰ নতুন ভাবুকি সৃষ্টি কৰিছে ইয়াৰ শেহতীয়া ট্ৰিপল  মিউটেণ্টে। দেশৰ চিকিৎসকসকলৰ বাবে ই কঢ়িয়াই আনিছে প্ৰবল প্ৰত্যাহ্বান।

এতিয়ালৈকে দেশখনত চিকিৎসক আৰু বিজ্ঞানীসকল ডাবল মিউটেণ্টৰ বিষয়ে অৱগত আছিল যদিও বৰ্তমান ট্ৰিপল মিউটেণ্টৰ অৱস্থিতিয়ে আতংক-ভয়ৰ সমানে অসহায়তাও যথেষ্টখিনি বৃদ্ধি কৰিছে।

ট্ৰিপল মিউটেচনৰ অৰ্থ হৈছে একেলগে ক’ৰোনাৰ তিনিটা প্ৰকাৰৰ উপস্থিতি (তিনিটা পৃথক ক’ভিড ষ্ট্ৰেইন একত্ৰিত হৈ এক নতুন প্ৰকাৰ গঠন কৰে)। এই নতুন প্ৰকাৰৰ ফলস্বৰূপে ক’ৰোনাৰ পূৰ্বৰ লক্ষণবোৰ পুনৰ সলনি হ’ব। এতিয়া একাধিক নতুন লক্ষণ সম্পৰ্কিত হ’ব পাৰে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত।

মেকগিল বিশ্ববিদ্যালয়ৰ মহামাৰী (মহামাৰী বিজ্ঞান)ৰ অধ্যাপক মধুকৰ পায়ে কয়, “এই নতুন প্ৰকাৰটোৰ সংক্ৰামক শক্তি অতি উচ্চ, যাৰ বাবে এইবাৰ সংক্ৰমণটো বহু দ্ৰুতগতিত বিয়পি আছে। বহুতো মানুহ নিমিষতে অসুস্থ হৈ পৰিছে। এই ভাইৰাছ নিয়ন্ত্ৰণ কৰিবলৈ টিকাকৰণ জৰুৰী।”

এনেদৰে একাধিক মিউটেচন বা পৰিৱৰ্তন কিয়

চিকিৎসক আৰু বিজ্ঞানীসকলে আঙুলিয়াই দিছে যে ভাইৰাছে যিমানে অধিক লোকক সংক্ৰমিত কৰিব, সিমানে ই অধিক মিউটেচন হ’ব পাৰে, এয়া প্ৰাকৃতিক প্ৰক্ৰিয়া আৰু ই সৃষ্টি কৰিব নতুন নতুন ৰূপ।

ট্ৰিপল মিউটেণ্ট কি

ট্ৰিপল মিউটেচনৰ অৰ্থ হৈছে একেলগে ক’ৰোনাৰ তিনিটা প্ৰকাৰৰ উপস্থিতি। এতিয়ালৈকে দুটা প্ৰকাৰ একেলগে আহি আছিল আৰু সংক্ৰমিত হৈছিল। এইবাৰ তিনিটা প্ৰকাৰৰ নতুন প্ৰকাৰটো অধিক দ্ৰুততাৰে সংক্ৰমিত হোৱাৰ আশংকা আছে। এতিয়ালৈ ভাৰতত নতুন ট্ৰিপল মিউটেণ্টৰ কেছ পোৱা গৈছে দুটা।

You might also like