কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱান আৰু নাই…
নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ আজি কেন্দ্ৰীয় মন্ত্ৰী তথা এল জে পিৰ জ্যেষ্ঠ নেতা ৰাম বিলাস পাছৱানে শেষ নিশ্বাস ত্যাগ কৰে। এই কথা জানিবলৈ দিছে প্ৰয়াত নেতাজনৰ পুত্ৰ চিৰাগ পাছৱানে। চিৰাগ পাছৱানে টুইট যোগে এই কথা জানিবলৈ দিছে।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি অসুস্থতাত ভূগি আছিল গ্ৰাহক সেৱা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰীগৰাকী ৷ মৃত্যুৰ সময়ত পাছৱানৰ বয়স আছিল ৭৪ বছৰ ।