নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ প্ৰতিশ্ৰুতি দি গৰ্ভৱতী কৰি গ্ৰেপ্তাৰ ভণ্ড প্ৰেমিক

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ   প্ৰথমে প্ৰেম ভালপোৱা। তাৰ মাজত বিয়াৰ প্ৰতিশ্ৰুতি। বিয়াৰ প্ৰতিশ্ৰুতিৰ পিছতেই মনৰ কামনা পূৰণ। ইয়াৰ পিছতেই প্ৰেমিকা গৰ্ভৱতী। যেতিয়া প্ৰেমিকাই বিয়াৰ বাবে প্ৰেমিকক ক’লে তেতিয়াই লাগিলে অথন্তৰ। প্ৰেমিক বিয়া বহিবলৈ অমান্তি হ’ল। তথাপিও পুনৰ প্ৰেমিকাক মিছা প্ৰলোভনেৰে নিজৰ লগত লৈ আহিল প্ৰেমিকে। কিন্তু বিয়াহে নাপাতিলে। পুনৰ যৌন শোষণ আৰম্ভ কৰিলে প্ৰেমিকে। যৌন শোষণৰ ফলত যেতিয়া গৰ্ভৱতী প্ৰেমিকাৰ অৱস্থা বেয়া হয় তেতিয়া চিকিৎসাৰ বাবে হাস্পাতলত ভৰ্তি কৰিলে।

উক্ত ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডত। ৰাজ্যখনৰ মেৰাল আৰক্ষীথানাৰ অন্তৰ্গত মেৰাল প্ৰচণ্ড অঞ্চলত সংঘটিত হৈছে ঘটনাটো। প্ৰেমিকাই এই সন্দৰ্ভত স্থানীয় আৰক্ষীত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে এজাহাৰ লাভ কৰাৰ পিছতেই গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ঠগ প্ৰেমিকক। আৰক্ষীয়ে এই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে। প্ৰেমিকাৰ মতে  প্ৰথম দেখা পাই প্ৰেমিকে বিয়াৰ প্ৰতিশ্ৰুতি দিছিল। যেতিয় প্ৰেমিকাই বিয়াৰ সন্মতি দিলে তেতিয়া অভিযুক্ত প্ৰেমিকে  যোৱা দুবছৰ ধৰি যৌন শোষণ চলাই আহিছিল।

You might also like