নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাপোৰৰ লগতে এইকেইবিধ সামগ্ৰীও ধুব পাৰিব ৱাছিঙ মেচিনত আজিয়েই চেষ্টা কৰক

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ   কাপোৰ ধুৱা মেছিন অথবা ৱাছিঙ মেচিন প্ৰায় সকলোৰে ঘৰতে ব্য়ৱহাৰ কৰা হয়। কেৱল কাপোৰেই নহয় ঘৰতে ব্য়ৱহাৰ কৰা আন কেইবাবিধো সামগ্ৰীও ৱাছিঙ মেচিন ধুব পাৰি। আপুনি এইকেইবিধ সামগ্ৰী ৱাছিঙ মেচিনত ধুব পাৰিলে আপোনাৰ কাম সহজসাধ্য হৈ পৰিব। জানো আহক সামগ্ৰী কেইবিধ

যোগ কৰা মেটঃ যদি আপুনি দৈনিক যোগ কৰে তেতিয়া আপোনাৰ যোগ কৰা মেট খন লেটেৰা হৈ যায়। ইয়াক ধুবলৈ ঘণ্টা ঘণ্টা সময় লাগে। যদি ৱাছিঙ মেচিনত অলপ গৰম পানী দি ধুই দিয়ে তেতিয়া সোনকালে পৰিস্কাৰ হৈ যায়।

কাপোৰৰ জোতাঃ কাপোৰৰ জোতা বহু সময় ধৰি হাতে ধুলেও চাফা নহয়, কিন্তু ৱাছিঙ মেচিনত যদি ধুৱে অতি সোনকালে চফা হয়। মনত ৰাখিব সেই সময়ত ৱাচিঙ মেচিনটো অলপ লাহেকৈ চলাব।

পাকঘৰৰ সামগ্ৰী আৰু বেগঃ পাকঘৰত আমি বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰো। যেনে প্ৰেছাৰ কুকাৰ অথবা কেৰাহী ধৰিবলৈ কাপোৰ। সেই কাপোৰবোৰ যথা সময়ত লেতেৰা হৈ যায় আৰু হাতেৰে ধুলে ভালদৰে চফা নহয়। আনহাতে বজাৰ কৰা বেগও ৱাছিং মেচিনত দিলে ভালদৰে চফা হয়। মাত্ৰ দুয়োবিধ বস্তু অলপ গৰম পানী দি ৱাছিঙ মেচিনত ধুলে চফা হৈ যায়।

চুলিৰ সামগ্ৰীঃ চুলিৰ সামগ্ৰীৰ ভিতৰত টুপি, হেয়াৰ বেণ্ড আৰু অন্যান্য সামগ্ৰীও ৱাছিঙ মেচিনত ধুব পাৰি।

টেবুল ক্লথ আৰু মাউচ পেডঃ লকডাউনৰ বাবে প্ৰায় সংখ্যক লোকৰ বাবে ঘৰৰ পৰা কাম চলি আছে। টেবুলৰ আৰু মাউচ পেড প্ৰায়েই লেতেৰা হয়। মাউচ পেডত ধুলি লাগি ধৰে। কিন্তু প্ৰায়েই সংখ্যক মানুহে কেৱল টেবুল ক্লথ খনেই ধুৱে এতিয়াৰে পৰা মাউচ পেডও ধুব পাৰিব।

You might also like