নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্চৰ পৰা আৰম্ভ হ’ব ১২ৰ পৰা ১৪ বছৰ বয়সৰ ভেকচিন

ফেব্রুৱাৰীৰ শেষ তথা মাৰ্চৰ আৰম্ভণিৰে পৰা ১২ৰ পৰা ১৪ বছৰ বয়সৰ শিশু-কিশোৰক ভেকচিন দিয়া আৰম্ভ কৰিব কেন্দ্রই। সোমবাৰে সাংবাদ মাধ্যমক এনেদৰেই জনালে ক’ভিড ভেকচিন সংক্রান্তৰ জাতীয় উপদেষ্টা গোষ্ঠীৰ অধ্যক্ষ এন কে অৰোৰাই। জানুৱাৰীৰ ভিতৰতে ১৫ৰ পৰা ১৮ বছৰ বয়সৰ সকলোৰে প্রথম ভেকচিন দিয়া শেষ কৰাৰ লক্ষ্য লৈছে কেন্দ্রই। ফেব্রুৱাৰীৰ প্রথম সপ্তাহৰ পৰা তেওঁলোকক দ্বিতীয় পালি দিয়া আৰম্ভ হ’ব। অৰোৰাই জনায় যে, এই কাৰ্যসূচীত আৰম্ভণিৰ পৰাই যথেষ্ট সফলতা লাভ কৰিছে। তেওঁ লগতে কয়, ১২ ৰ পৰা ১৪ বছৰ বয়সৰ সকলোৰে ফেব্রুৱাৰীৰ শেষত বা মার্চৰ প্রথম সপ্তাহৰ পৰা টিকা দিয়া আৰম্ভ হ’ব।

You might also like