নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সতর্ক নহ’লে বিপদ অনিবার্য

আকৌ ভয়াৱহ হৈছে ক’ভিড–১৯ৰ সংক্রমণৰ বিভীষিকা৷ প্রায় দুবছৰ ধৰি ক’ভিড–১৯ৰ বিভীষিকাই বিশ্বজুৰি বিপদাপন্ন কৰিছে জনজীৱন৷ এই সময়ছোৱাত সমগ্র বিশ্বত অতিমাৰী ক’ৰোনাত আক্রান্ত হৈছে ৩২ কোটি ৭০ লাখৰো অধিক লোক৷ ইয়াৰে ৫৫ লাখ ৫৪ হাজাৰ ৮৫৪গৰাকী লোকৰ প্রাণহানি হৈছে৷ ক’ভিড–১৯ত আক্রান্ত আৰু নিহত লোকৰ তালিকাৰ ভিতৰত সমগ্র বিশ্বৰ শীর্ষত আছে আমেৰিকা৷ আমেৰিকাত ৬ কোটি ৬৬ লাখ ৬৪ হাজাৰ ২৮৩গৰাকী লোক অতিমাৰী ক’ৰোনাত আক্রান্ত হৈছে আৰু ৮ লাখ ৭৩ হাজাৰ ১৪৩গৰাকীয়ে মৃত্যুক সাবটি লৈছে৷ সমগ্র বিশ্বৰ ভিতৰত আক্রান্ত আৰু মৃত্যু হোৱা লোকৰ তালিকাৰ দ্বিতীয় স্থানত আছে ভাৰতবর্ষ৷ বিগত দুটা বছৰত আমাৰ দেশত ৩ কোটি ৭১ লাখ ২২ হাজাৰ ১৬৪গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হৈছে আৰু ইয়াৰে ৪ লাখ ৪৬ হাজাৰ ৯৪গৰাকী লোকৰ মৃত্যু হৈছে৷ বিগত ৬ মাহত ক্রমাগতভাৱে ক’ভিড–১৯ৰ প্রকোপ কিছু পৰিমাণে হ্রাস পোৱাৰ লগে লগে স্বাভাৱিক জীৱনযাত্রা আৰম্ভ হৈছিল যদিও শেহতীয়াকৈ অমিক্রনৰ ভয়াৱহ সংক্রমণ পুনৰ আৰম্ভ হৈছে৷ ক’ভিড–১৯ৰ ডেল্টা প্রজাতিৰ দ্রুত সংক্রমণৰ পাছত অমিক্রন প্রজাতিৰ সংক্রমণে পুনৰ অস্থিৰ কৰি তুলিছে সমগ্র বিশ্ব৷ এনে বিভীষিকাৰ মাজতে আমাৰ ৰাজ্যখনতো ভয়াৱহভাৱে সংক্রমণ বৃদ্ধি হোৱা দেখা গৈছে৷ যোৱা ২৪ ঘণ্টাত সমগ্র দেশখনত ২ লাখ ২৮ হাজাৰ ৮৩৩গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰে ৩১৪জন লোকৰ মৃত্যু হৈছে৷ একেদৰে এই সময়ছোৱাত অসমত আক্রান্ত হৈছে ৩,৩৯০গৰাকী লোক৷ ইয়াৰে চাৰিজন লোকৰ মৃত্যু হৈছে৷ মাথোঁ গুৱাহাটীতে যোৱা ২৪ ঘণ্টাত আক্রান্ত হৈছে ৯১৯গৰাকী লোক৷ পত্নীসহ ৰাজ্যপাল জগদীশ মুখী, অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি শেহতীয়াকৈ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ যি হাৰত আকৌ ক’ভিড–১৯ৰ বিভীষিকা বৃদ্ধি হৈছে সেয়া নিশ্চিতভাৱে এক উদ্বেগৰ বিষয়৷ অতিমাৰী ক’ভিড–১৯ক প্রতিৰোধ কৰিবলৈ কেন্দ্রীয় চৰকাৰে ভেকচিন প্রদানৰ ব্যৱস্থা লৈছে৷ কিন্তু ভেকচিন গ্রহণ কৰা লোকসকলেও ক’ভিড–১৯ৰ বিভীষিকাৰ পৰা মুক্ত হ’ব পৰা নাই৷ ভেকচিনৰ দুটা ড’জ গ্রহণকাৰী লোকৰো ক’ভিড আক্রান্ত হৈ মৃত্যু হৈছে৷ অৱশ্যে স্বাস্থ্য মন্ত্রালয় আৰু চিকিৎসকসকলে সদৰী কৰা মতে ভেকচিন গ্রহণ নকৰা লোকৰহে মৃত্যুৰ হাৰ অধিক৷ বিগত এবছৰে সমগ্র দেশৰ লগতে অসমতো ক’ভিড–১৯ প্রতিৰোধী ভেকচিন প্রদান কৰা হৈছে যদিও ৰাজ্যখনৰ প্রায় ৪০ লাখ লোকে এতিয়াও উক্ত ভেকচিন গ্রহণ কৰা নাই৷ এয়া অতিকৈ চিন্তনীয় বিষয়৷ চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা ভেকচিন গ্রহণৰ ক্ষেত্রত একাংশ লোকৰ এনে অনীহাই আগন্তুক দিনত অতিমাৰী প্রতিৰোধৰ ক্ষেত্রত এক গভীৰ প্রত্যাহ্বান সৃষ্টি কৰিব পাৰে৷ এইক্ষেত্রত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে যথোচিত প্রচাৰৰ লগতে এলানি বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ এই বিষয়ত স্থানীয় ৰাইজ আৰু জনপ্রতিনিধিসকলে অধিক সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ গ্রহণ কৰা উচিত৷
ক’ভিড–১৯ৰ ডেল্টা প্রজাতিৰ লেখীয়া অমিক্রনেও সমগ্র বিশ্বতে বিভীষিকাৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে ৰাষ্ট্রসংঘই৷ ৰাষ্ট্রসংঘৰ শেহতীয়া প্রতিবেদন অনুসৰি ছার্চ–ক’ভ–২ ভাইৰাছৰ ডেল্টা প্রজাতিৰ সংক্রমণত যোৱা বছৰ এপ্রিলৰ পৰা জুনৰ ভিতৰত ভাৰতত কমেও ২ লাখ ৪০ হাজাৰ লোকৰ মৃত্যু হৈছে৷ অমিক্রনৰ ভয়াৱহ সংক্রমণে আমাৰ দেশতো এক ভয়ানক পৰিস্থিতিৰ উদ্ভৱ কৰিব পাৰে বুলি আশংকা কৰিছে ৰাষ্ট্রসংঘই৷ ৰাষ্ট্রসংঘৰ বিশ্ব অর্থনৈতিক পৰিস্থিতি আৰু সম্ভাৱনা–২০২২ (ডব্লিউইএছপি)ৰ প্রতিবেদনত এই আশংকাও ব্যক্ত কৰা হৈছে যে অমিক্রনৰ প্রকোপৰ বাবেই মৃত্যুৰ হাৰো বৃদ্ধি হোৱাৰ আশংকা আছে৷ ফলত দেশৰ অর্থনীতিত ইয়াৰ নেতিবাচক প্রভাৱ বিৰাজমান হ’ব বুলিও আশংকা কৰা হৈছে ৰাষ্ট্রসংঘৰ প্রতিবেদনত৷ ইফালে, আমেৰিকাৰ বিজ্ঞানী তথা ভাইৰোল’জিষ্ট কুটুব মেহমেদে আশংকা কৰিছে যে ক’ভিড–১৯ৰ বিভীষিকা সহজে মষিমূৰ হোৱাৰ কোনো সম্ভাৱনা নাই৷ এই অতিমাৰীৰ বিৰুদ্ধে সমগ্র বিশ্বই কিছু বছৰ যুঁজ দিবলৈ সাজু থাকিব লাগিব৷ ইয়াৰ বাবে ভেকচিন গ্রহণ আৰু সতর্কতা গ্রহণ কৰিবলৈ সমগ্র বিশ্ববাসীক আহ্বান জনাইছে বিজ্ঞানীগৰাকীয়ে৷ সতর্কতা অবিহনে আমাৰ বিপদ যে অনিবার্য, সেয়া নিশ্চিত৷ সেয়ে ক’ভিড–১৯ প্রতিৰোধ কৰিবলৈ হ’লে সতর্কতা অৱলম্বন কৰিলেহে আমি সুৰক্ষিত হৈ থাকিব পাৰিম৷ যিসকল লোকে এতিয়াও ক’ভিড–১৯ প্রতিৰোধী টিকা গ্রহণ কৰা নাই, সেইসকলে শীঘ্রে আগবাঢ়ি অহা উচিত৷ মাথোঁ লকডাউনেই ক’ভিড–১৯ প্রতিৰোধ কৰিব নোৱাৰে৷ এনে ব্যৱস্থাই আমাৰ সমাজখনক অচল কৰি তোলাই নহয় বিধ্বস্ত কৰে দেশৰ অর্থনীতি৷ সর্বাধিক ক্ষতিগ্রস্ত হয় নিম্ন মধ্যবিত্ত আৰু দুখীয়া লোকসকল৷ বিগত সময়ছোৱাত লকডাউনত কিমান লোকে কর্মসংস্থাপন হেৰুৱাইছে, কিমান দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান বন্ধ হৈছে তাৰ সীমা–সংখ্যা নাই৷ দেশৰ লগতে অসমৰো কোনো সচেতন লোকে লকডাউনৰ লেখীয়া পৰিস্থিতি উদ্ভৱ হোৱাটো বিচৰা নাই৷ কিন্তু ৰাইজ সজাগ নহ’লে ক’ভিড–১৯ৰ যি বিভীষিকা আৰম্ভ হৈছে, সেয়া নিজে নিজে বন্ধ হৈ যাব বুলি আশা কৰিব নোৱাৰি৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰেও কেতবোৰ সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা উচিত৷ ক’ভিড–১৯ৰ তৃতীয় ঢ়ৌ আৰম্ভ হোৱাৰ সময়তে ৰাজ্যখনত ঠেঙাল–কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনী প্রচাৰ আৰম্ভ হৈছে৷ এই প্রচাৰ সভাসমূহত হাজাৰ হাজাৰ লোকৰ সমাৱেশ হৈছে৷ একেদৰে অহা ১০ ফেব্রুৱাৰীৰ পৰা উত্তৰ প্রদেশ, পঞ্জাব, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ বিধানসভা নির্বাচন ঘোষণা কৰা হৈছে৷ এই ৰাজ্যকেইখনত নির্বাচনী প্রচাৰ ইতিমধ্যে তুংগত উঠিছে৷ এফালে নির্বাচনী প্রচাৰ সভাত সহস্রাধিক লোকৰ সমাৱেশ আনফালে ক’ভিড বিধি বলৱতৰ জৰিয়তে চৰকাৰে সাধাৰণ জনতাক আশাৰ বার্তা দিব বুলি আশা কৰিব নোৱাৰি৷ এনে জটিল পৰিস্থিতিত নির্বাচন কিছুদিনৰ বাবে স্থগিত কৰি ক’ভিডৰ ভয়াৱহতাৰ বিৰুদ্ধে ৰাইজৰ স’তে চৰকাৰে যুঁজ দিয়াহে উচিত৷

You might also like