নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেকচিনে মানৱ দেহত প্রতিৰোধী ক্ষমতা বৃদ্ধি কৰে

নিয়মীয়া বাৰ্তা ২ জুনঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰ’কেফেলাৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দল এটিয়ে ক’ভিড–১৯ৰ বিৰুদ্ধে ভেকচিন ল’লে মানৱ দেহত প্রতিৰোধী ক্ষমতা বৃদ্ধি কৰে বুলি শেহতীয়া অধ্যয়নত প্রমাণ পাইছে৷ ভেকচিন প্রদান কৰাৰ পিছত ক’ভিড–১৯ত আক্রান্ত লোকৰ দেহত প্রাকৃতিক প্রতিৰোধী ক্ষমতা বৃদ্ধি হোৱাৰ লগতে ভাইৰাছটোৰ বিভিন্ন প্রকৰণৰ পৰা সুৰক্ষিত কৰি ৰাখে৷ ক’ভিড–১৯ ৰোগীৰ তেজৰ নমুনাৰ দ্বাৰা এণ্টিবডী বিশ্লেষণ কৰি মার্কিন যুক্তৰাষ্ট্রৰ গৱেষকৰ দলটোৱে এনে সিদ্ধান্তত উপনীত হৈছে৷

উল্লেখ্য যে মার্কিন গৱেষকৰ দলটোৱে ৬৩ লোকক গৱেষণাৰ অংশীদাৰ হিচাপে লৈছিল৷ ইয়াৰে ভিতৰত মর্ডানা আৰু ফাইজাৰ ভেকচিনৰ অতি কমেও এটাকৈ ড’জ লোৱা ২৬জনৰ দেহত এণ্টিবডী বিকশিত হোৱাটো প্রমাণিত হয়৷ এণ্টিবডী বিকশিত হোৱাৰ লগতে প্রতিৰোধী ক্ষমতা বৃদ্ধি পোৱাত এনে লোকৰ দেহত ভৱিষ্যতে আন কোনো ৰোগে সংক্রমিত কৰাৰ ক্ষেত্রতো কিছু ক্ষেত্রত প্রতিবন্ধক হিচাপে থিয় দিয়ে৷

মন কৰিবলগীয়া যে ক’ভিড–১৯ প্রতিহত কৰাৰ লগতে মানৱ দেহত প্রতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ লক্ষ্যৰে বিশ্বৰ বিজ্ঞানীসকলে ক’ভিড–১৯ ভেকচিন বিকশিত কৰিছে৷ বিভিন্ন দেশত এই ভেকচিনৰ ফলপ্রসূতাক লৈ বিতর্কৰ সৃষ্টি হ’লেও মার্কিন গৱেষকৰ দলটোৰ অধ্যয়নে আশাব্যঞ্জক বার্তা প্রেৰণ কৰিছে৷

You might also like