নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাণত হেডফোন, আন ফালে আহিছে এখন ৰেল আৰু তাৰ পাছত….?

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ কাণত হেডফোন লগাই ভিডিঅ’ কৰাৰ অভ্যাস আছে নেকি? পিছে সেই অভ্যাস থাকিলে আপুনি কিছু সাৱধান হোৱাৰ দৰকাৰ। কাৰণ কাণত হেডফোন লগাই অন্যমনস্ক হৈ থকাৰ বাবে বিপদত পৰিছে বহু লোক।

ছ’চিয়েল মিডিয়াত তেনেদৰে ব্যস্ত হৈ এগৰাকী যুৱতী ৰে’ল লাইন পাৰ হোৱাৰ দৃশ্য ইতিমধ্যে ইউটিউবত ভাইৰেল হৈ পৰিছে। আন দিশৰ পৰা আহিছে এখন ৰেল। কিন্তু যুৱতীগৰাকীৰ সেই কথাত কাণসাৰ নাই। ব্যস্ত মাথো মোবাইলত।

তাৰ পাছত…? তাৰ পাছত ঘটিব অঘটন…

কিন্তু সেইয়া নহল। যুৱতীগৰাকীয়ে পাৰ হোৱাৰ সময়ত হেডফোন এৰুৱাই পাৰ হ’ল। যাৰ বাবে জীৱন ৰক্ষা পৰিল তেওঁৰ।

এইয়া সচা কাহিনী নহয়। এটা বিজ্ঞাপনহে। এনেকুৱা পিছে বহু ঘটনা হৈ মানুহ মৃত্যুমুখত পৰিছে।যাৰ বাবে মানুহক সজাগ কৰিবৰ বাবে এই ভিডিঅ’টি বনোৱা হৈছে।

You might also like