নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰা ৰাজীৱ ভৱনত লংকাকাণ্ড; সমষ্টিটো AIUDFক এৰি দিয়াত ক্ষুব্ধ কংগ্ৰেছ কৰ্মী

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ বিলাসীপাৰা ৰাজীৱ ভৱনত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কংগ্ৰেছ এ আই ইউ ডি এফৰ মহাজোঁটে ২৭ নং বিলাসীপাৰা পূৱ সমষ্টিত সৃষ্টি কৰিছে মহাজোঁটৰ।

সমষ্টিটোত কংগ্ৰেছ দলৰ সাংগঠনিক স্থিতি সৱল থকাৰ পিছতো এ আই ইউ ডি এফ দলক এৰি দিয়া দিয়াত দলীয় কৰ্মীৰ মাজত সৃষ্টি হৈছে তীব্ৰ ক্ষোভৰ।

উল্লেখ্য যে বিক্ষুদ্ধ কংগ্ৰেছী নেতা-কৰ্মীয়ে আজি ৰাজীৱ ভৱনৰ আচবাব ভাঙি চুৰমাৰ কৰে। তাৰোপৰি ৰিপুন বৰা, ৱাজেদ আলী চৌধুৰী মুৰ্দাবাদ দি বিভিন্ন শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে।

আনহাতে এই প্ৰতিবাদৰ পাছতো যদি ২৭ নং পূৱ বিলাসীপাৰা সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰে, তেন্তে সমূহীয়াভাবে কংগ্ৰেছ দল ত্যাগ কৰাৰো হুংকাৰ দিয়ে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে।

You might also like