নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগৰ বিধানসভাৰ উপ–নির্বাচনঃ ভৱানীপুৰ সমষ্টিত অভিলেখ সংখ্যক ৫৮,৮৩৫ টা ভোটৰ ব্যৱধানত জয়লাভ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভৱানীপুৰ বিধানসভা আসনত অভিলেখ সংখ্যক ৫৮,৮৩৫ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। ভৱানীপুৰ বিধানসভা আসনত মমতাৰ বিজয়ৰ এয়া হেট্ৰিক। বংগৰ হাই প্ৰফাইল ভৱানীপুৰ আসনৰ ভোট গণনাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী বিজেপিৰ প্রার্থী প্রিয়ংকা টিবৰিৱালক পৰাস্ত কৰে।

লক্ষণীয়ভাৱে ভৱানীপুৰ সমষ্টিত প্রতিদ্বন্দ্বিতাত নমা বিজেপিৰ প্রার্থী প্রিয়ংকাই কম দিনৰ ভিতৰতে জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল যদিও শেষ হাঁহি মাৰিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

উল্লেখ্য যে মুখ্যমন্ত্রী হিচাপে কার্যনির্বাহ কৰি থকা মমতা বেনার্জী কোনো বিধানসভা সমষ্টিৰ প্রতিনিধি নাছিল৷ সেয়েহে সংবিধান অনুসৰি ৬ মাহৰ ভিতৰত বেনার্জীয়ে বিধায়ক হিচাপে নির্বাচিত হোৱাটো বাঞ্চনীয় আছিল৷ কিন্তু আজি উপ–নির্বাচনত জয়লাভ কৰি মুখ্যমন্ত্রী বেনার্জীয়ে ভৱানীপুৰৰ বিধায়ক ৰূপে নিৰ্বাচিত হয়৷

You might also like