নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ ফাৰ্ডিনাণ্ড বি লিংডোৰ গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ শনিবাৰে মেঘালয়ৰ উমৰাই কংগ্ৰেছী বিধায়ক জৰ্জ বি লিংডোৰ ভাতৃ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ই কে মাওলঙৰ কনিষ্ঠ পুত্ৰ ফাৰ্ডিনাণ্ড বি লিংডোৰ মৃত্যু। বাহনৰ ভিতৰত অগ্নিদগ্ধ হৈ মৃত্যু হয় ফাৰ্ডিনান্দ বি লিংডোৰ।

উল্লেখ্য যে ফাৰ্ডিনান্দ বি লিংডো চেন্ট্ৰেল এগ্ৰিকালচাৰ ইউনিভাৰ্ছিটীৰ অধীনৰ তুৰা কলেজ কমিউনিটি চাইন্সৰ এগৰাকী সহকাৰী অধ্যাপক আছিল।

এই মৰ্মান্তিক ঘটনাটো শনিবাৰে আবেলি ৰি ভই জিলাৰ উমচালেমত সংঘটিত হৈছিল।

জানিব পৰা মতে বাহনখন ৰখাই থোৱা অৱস্থাতে জুইৰ সূত্ৰপাত ঘটিছিল আৰু মুহূৰ্ততে জুয়ে আৱৰি ধৰে সমগ্ৰ গাড়ীখন। মূহুৰ্ততে জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ পিছত এটা প্ৰচণ্ড বিস্ফোৰণ ঘটে গাড়ীখনত। যাৰ ফলত বাহনৰ পৰা আতৰি যাবলৈও সময় নাপালে লিংডোৱে।

যদিও ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই, আৰক্ষীয়ে সন্দেহ কৰিছে যে বাহনখনৰ এয়াৰ কণ্ডিচনাৰ চলি থকা অৱস্থাত আৰু ভুক্তভোগীজনে চিগাৰেট বা অন্য কিবা জ্বলাইছিল, যাৰ ফলত জুইৰ সূত্ৰপাত ঘটি বিস্ফোৰণ ঘটিছিল।

 

বাতৰিৰ উৎসঃ theshillongtimes

You might also like