নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নী মান্যতা-সন্তানৰ পৰা দূৰত্ব বাঢ়িছে নেকি সঞ্জয় দত্তৰ! দুবছৰ ধৰি বেলেগকৈ আছে

বিশেষ বাৰ্তা, ১৩ মেঃ সঞ্জয় দত্তক অলপতে দেখা গৈছিল কে জি এফ-২ ছবিত। তেওঁ খলনায়ক ‘আধেৰা’ৰ বলিষ্ঠ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত এতিয়া তেওঁ আন আন ছবিৰ শ্বুটিংত ব্যস্ত হৈ আছে। ইফালে ব্যস্ততাৰ পৰা সময় উলিয়াই ডুবাইলৈ গৈ পৰিয়ালৰ সৈতে সময় কটাই আহে অভিনেতাজনে। তেওঁৰ পত্নী মান্যতা দত্ত, যমজ সন্তান শ্বাহৰাণ আৰু ইকৰা যোৱা দুবছৰ ধৰি ডুবাইত বসবাস কৰি আছে। লাইমলাইটৰ পৰা আঁতৰতৰাখিবলৈয়ে পৰিয়ালক তালৈ পঠিয়াইছিল নেকি অভিনেতাজনে? ইয়াৰ উত্তৰত তেওঁ কয় যে- মন্যতাই তাত ব্যৱসায় চোৱাচিতা কৰি আছে, ল’ৰা-ছোৱালীয়েও পঢ়া-শুনা কৰি আছে। সন্তানৰ বাবেই জীৱন উচৰ্গিত সঞ্জয় দত্তই সিহঁতৰ পৰা আঁতৰি থাকিব পাৰে জানো! সেয়ে যেতিয়াই ইয়াত কামত ব্যস্ত নাথাকে তেতিয়াই ডুবাই লৈ গৈ তাতে তেওঁলোকৰ লগত সময় কটাই আহে। এইখিনিতে জনাওঁ যে সঞ্জয় দত্তৰ সন্তান আৰু পত্নীয়ে ২০২০ চনৰ প্ৰথম ক’ভিডৰ লকডাউন বলবৎ হোৱাৰ পৰাই ডুবাইত বসবাস কৰি আহিছে।

You might also like