নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ আগতে বাঢ়িছে ওজন, কেনেকৈ নিয়ন্ত্ৰণ কৰিব

বিশেষ বাৰ্তা, ১৩ মেঃ প্ৰায় প্ৰতিগৰাকী হ’বলগীয়া কইনাই নিজৰ বিয়াত নিখুঁত আৰু ধুনীয়া দেখাব বিচাৰে। ইয়াৰ বাবে সকলো চেষ্টা কৰে। বহু কইনাই বৰ্দ্ধিত ওজন কেনেকৈ কমাব তাৰে বাবে বহুত কষ্ট কৰে। বিয়াৰ প্ৰস্তুতিত কইনা বাহিৰলৈ ওলাই যোৱাৰ সময় নাপায়, এনে অৱস্থাত ঘৰতে ওজন নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ বাবে আপুনি খাদ্য তালিকাত কিছু পৰিৱৰ্তন কৰিব পাৰে। এই কেইটামান টিপছ গ্ৰহণ কৰিলে আপুনি ওজন নিয়ন্ত্ৰণত ৰাখিব পাৰিব লাগে।
বিয়াৰ এমাহ আগতে

পুৱা উঠিয়েই প্ৰথমে দুগিলাচ পানী খাই ল’ব আৰু লগতে আলমণ্ড খাব।
ব্ৰেকফাষ্টত এবাটি ওটছ, দাইল, চিৰা, উপমা বা চেণ্ডউইচ খাব লাগে।
ব্ৰেকফাষ্ট কৰাৰ পিছত ফল-মূল আৰু এগিলাচ বাটাৰমিল্ক ল’ব।
দুপৰীয়াৰ আহাৰত চালাড আৰু দুখন ৰুটি বা অলপকৈ ভাত, শাক-পাচলি আৰু মচুৰ দাইল খাব লাগে।
সন্ধিয়া একাপ গ্ৰীণ টি আৰু এমুঠি ৰোষ্ট কৰা বাদাম খাব লাগে।
৮ বজাৰ আগতে ৰাতিৰ আহাৰ খাবলৈ চেষ্টা কৰক। খাদ্যত চুপ বা চালাড আৰু দুখন ৰুটি আৰু শাক-পাচলি খাব পাৰে।
শোৱাৰ সময়ত গাখীৰ খাব লাগে।

বিয়াৰ এসপ্তাহ আগতে

পুৱা দুগিলাচ পানীৰ সৈতে ১০ টা আলমণ্ড খাব লাগে।
পুৱাৰ আহাৰত এটা টোষ্ট কৰা মাল্টিগ্ৰেইন ৰুটি আৰু এগিলাচ গাখীৰ।
ব্ৰেকফাষ্টৰ পিছত কেতিয়াবা অলপ ফল-মূল খাওক।
দুপৰীয়াৰ আহাৰত চালাড, ৰুটি বা আধা বাটি ব্ৰাউন ৰাইচ, শাক-পাচলি আৰু দাইল খাব লাগে।
সন্ধিয়া এগিলাচ ফলৰ ৰসৰ লগত অংকুৰিত শস্য বা পোৰা বাদাম খাব পাৰি।
ৰাতিৰ আহাৰত চূপ বা চালাড আৰু এখন ৰুটি, শাক-পাচলি খাওক।
শোৱাৰ সময়ত গাখীৰ খাব।

You might also like