নিয়মীয়া বাৰ্তা, ১২ এপ্রিল: আন্তর্জাতিক মুদ্রানিধি চমুকৈ আই এম এফে ভাৰতৰ ২০২৩–২৪ বর্ষত বিকাশৰ হাৰ ৫.৯ শতাংশলৈ নিম্নগামী হ’ব বুলি প্রতিবেদনত সম্ভাৱনা ব্যক্ত কৰিছে৷ ইয়াৰ পূর্বে আই এম এফে চলিত বিত্তীয় বর্ষত ভাৰতৰ বিকাশৰ হাৰ ৬.১ শতাংশ হ’ব বুলি প্রকাশ কৰিছে৷ বিত্তীয় বর্ষটোত আর্থিক বিকাশৰ হাৰ নিম্নগামী হ’লেও ভাৰত বিশ্বৰ দ্রুততম বিকশিত দেশ হিচাপে নিজৰ স্থান অটুট ৰাখিব পাৰিব৷ আই এম এফে বার্ষিক বিশ্ব অর্থনৈতিক আউটলুকত ভাৰতৰ চলিত বর্ষত আর্থিক বিকাশৰ হাৰ নিম্নগামী হ’ব বুলি প্রকাশ কৰিলেও ২০২৪–২৫ বিত্তীয় বর্ষত বিকাশৰ হাৰ ৬.৩ শতাংশৰ পৰা ৬.৮ শতাংশৰ ভিতৰত থাকিব বুলি প্রতিবেদনত উল্লেখ কৰিছে৷ মন কৰিবলগীয়া যে ভাৰতীয় ৰিজার্ভ বেংকৰ প্রকাশিত সম্ভাৱনাতকৈ আই এম এফৰ প্রতিবেদনত ভাৰতৰ বিকাশৰ হাৰ নিম্নগামী হৈছে৷
You might also like