নিউজ ডেস্ক, ১৭ নৱেম্বৰ : বিহাৰ বিধানসভাৰ সদ্যঘোষিত নির্বাচনী ফলাফলে বিৰোধী শিবিৰক তচনচ কৰাৰ পিছত বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী লালুপ্রসাদ যাদৱৰ ঘৰত আৰম্ভ হৈছে পাৰিবাৰিক সংঘাত৷ নির্বাচনী ফলাফলক কেন্দ্র কৰি লালুপ্রসাদ যাদৱৰ কন্যা ৰোহিণী আচার্যই আৰজেডি দল তথা পৰিয়ালৰ সৈতে সম্পর্ক ছিন্ন কৰা বুলি ঘোষণা কৰাৰ পিছত লালুপ্রসাদ যাদৱৰ আন তিনিগৰাকী কন্যা ক্রমে ৰাজলক্ষ্মী, ৰাগিণী আৰু চান্দায়ো নিজৰ সন্তানৰ সৈতে গৃহ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে৷ ইয়ে পাটনাৰ প্রভাৱশালী ৰাজনৈতিক পৰিয়ালটোৰ মাজত স্পষ্ট ভাঙোনৰ ছবি পৰিস্ফুট কৰিছে৷
ৰোহিণীয়ে সামাজিক মাধ্যমত প্রকাশ কৰা মতে, তেওঁক অশ্রাব্য গালি–গালাজ কৰা হৈছে আৰু তেওঁৰ গালৈ জোটা দলিওৱা হৈছে৷ ২০২২ চনত ছিংগাপুৰৰ এখন হাস্পতালত পিতৃ লালুপ্রসাদক নিজৰ কিডনী দান কৰিছিল ৰোহিণীয়ে৷ কিন্তু শেহতীয়াকৈ তেওঁৰ পৰিয়ালৰ সদস্যই লালুপ্রসাদক ‘অকামিলা’ কিডনী দিয়া বুলি ৰোহিণীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে বুলি তেওঁ অভিযোগ কৰে৷ কেৱল সিমানেই নহয়, পৰিয়ালৰ লোকে তেওঁক ভোটৰ টিকট লাভৰ বাবে পিতৃক কিডনী দান কৰা বুলিও অভিযোগ তোলা বুলি তেওঁ প্রকাশ কৰে৷ শেহতীয়াকৈ ‘ভনীৰ অপমান সহ্য কৰা নাযায়’ বুলি ৰোহিণীৰ কাষত থিয় হৈছে ভাতৃ তেজপ্রতাপ৷
তেওঁ আৰু কয়- ‘এই অন্যায়ৰ পৰিণতি অত্যন্ত ভয়াৱহ হ’ব৷ সময়ৰ হিচাপ খুবেই কঠিন৷ বিহাৰৰ মানুহে নিজেই এনেধৰণৰ মানুহক কবৰ দিব৷ ই এটা পৰিয়ালৰ সন্মান, এগৰাকী কন্যাৰ মর্যাদা তথা সর্বোপৰি বিহাৰৰ আত্মসন্মানৰ বিষয়৷
এই সন্দর্ভত বিজেপি আইটি চেলৰ প্রধান অমিত মালব্যই কয় যে ৰোহিণীয়ে পিতৃক নিজৰ কিডনী দানেৰে জীৱনদান দিছিল যদিও লালুপ্রসাদে তেজস্বী যাদৱকহে বেছি প্রাধান্য দিছে৷ তেওঁলোকৰ পৰা নাৰীৰ প্রতি সন্মান আশা কৰা নাযায়৷