বিহাৰ নিৰ্বাচনৰ ২ ঘণ্টাৰ গণনা সম্পূৰ্ণ, জানক সবিশেষ
বিহাৰ নিৰ্বাচনৰ ফলাফলৰ ৰাজ্যিক গণনা দুই ঘণ্টা সম্পূৰ্ণ হোৱাৰ লগে লগে শেহতীয়াকৈ এনডিএৰ ফলাফল পৰিষ্কাৰ আগবাঢ়ি দেখিবলৈ পোৱা গৈছে। দুই ঘণ্টাৰ গণনা অনুযায়ী এনডিএ ইতিমধ্যে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। আনহাতে মহাগঠবন্ধন ৭০টা আসনত আগবাঢ়ি আছে।
এতিয়া পৰ্যন্তৰ তথ্য অনুসাৰে এনডিএ ১৬১টা আসনত আগবাঢ়ি। বিহাৰত সংখ্যাগৰিষ্ঠতাৰ সীমা ১২২। এইবাৰ নীতিশ কুমাৰৰ দলৰ বাবে সুখবৰ, জেডিউ বিহাৰৰ আটাইতকৈ ডাঙৰ দল হিচাপে ফলাফলত আহিছে। ভোট গণনা মঙলবাৰে পুৱাৰ ৮ বজাৰ পৰা আৰম্ভ হৈছে।
এনডিএ
- বিজেপি – ৬৯
- জেডিউ – ৭৫
- চিৰাগ (এলজেপি) – ১৩
- হাঃম (HAM) – ৩
- উপেন্দ্ৰ কুশৱাহা – ১
মহাগোটবন্ধন:
- আৰজেডি – ৫১
- কংগ্ৰেছ – ১২
- বাওঁপন্থী – ৩
- ভিআইপি – ১
বিহাৰ নিৰ্বাচন: সংক্ষিপ্ত পটভূমি
বিহাৰত বিধানসভা নিৰ্বাচন দুই পৰ্যায়ত সম্পন্ন হৈছিল।
- ৬ নৱেম্বৰত প্ৰথম পৰ্যায়—১২১ আসন
- ১১ নৱেম্বৰত দ্বিতীয় পৰ্যায়—১২২ আসন
মূল প্ৰতিযোগিতা এনডিএ বনাম মহাগঠবন্ধন। একজিট পোলত এনডিএক আগত ধৰা হৈছিল।
ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ