নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : মোদীৰ বলিষ্ঠ নেতৃত্ব : উত্তৰ-পূবত ৰূপান্তৰৰ প্রতিধ্বনি

বিশেষ লেখা

সৰ্বানন্দ সোণোৱাল
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ পুণ্যভূমি অসমত পদাৰ্পণ কৰাত আমাৰ হৃদয় কৃতজ্ঞতাৰে ভৰি পৰিছে। আমাৰ হিয়াৰ আমঠু, ভাৰত ৰত্ন ড°ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি মোদী ডাঙৰীয়াৰ প্ৰেৰণাদায়ক উপস্থিতি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগণৰ সৈতে একাত্মতাৰ এক অনন্য নিদৰ্শন। দশকৰ পাছত দশক ধৰি উত্তৰ-পূৰ্বাঞ্চলে পোৱা অৱহেলাৰ অন্তত এতিয়া মোদীৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ অঞ্চলটোৱে বিগত এটা দশকত অভূতপূৰ্ব প্ৰগতি, সমৃদ্ধি আৰু আশাৰ দিগন্তৰ সাক্ষী হৈছে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু প্ৰজন্ম তিক্ত বিড়ম্বনাৰ সাক্ষী আছিল। ভাৰতত সূৰ্য প্ৰথমে আমাৰ এই অঞ্চলত উদয় হ’লেও ইয়াৰ জনগণ ছয় দশকৰো অধিক সময় ধৰি অন্ধকাৰত আছিল। ৰাষ্ট্ৰৰ উন্নয়নৰ যাত্ৰাত উত্তৰ-পূৰ্বাঞ্চলৰ জনগণ ন্যায্য অধিকাৰ, সুফল প্ৰাপ্তি আৰু প্ৰকৃত অংশীদাৰৰ পৰা বঞ্চিত হৈছিল। পিছে স্বাধীনতাৰ পূৰ্বে এই সম্পদসমৃদ্ধ আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ভূমিয়ে অপৰিসীম সম্ভাৱনা বহন কৰিছিল। অসম এসময়ত সমৃদ্ধিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড়তকৈ যথেষ্ট আগবাঢ়ি আছিল। কিন্তু পৰৱৰ্তী চৰকাৰসমূহৰ অধীনত বিশেষকৈ কংগ্ৰেছৰ দীৰ্ঘ শাসনৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলক সম্পূৰ্ণৰূপে অৱহেলা আৰু আওকাণ কৰা হৈছিল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ প্ৰতিটো খোজতে উপেক্ষা কৰা হৈছিল। দেশ বিভাজনৰ জটিল সন্ধিক্ষণত অসমে ৰাষ্ট্ৰীয় সমৰ্থন অবিহনে সংকটৰ মুখত পৰিছিল আৰু নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে ঐতিহাসিক সংগ্ৰাম কৰিবলগীয়া হৈছিল। ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধত অসমক আৱেগিক কথাৰে বিদায় দিয়াৰ সহানুভূতি প্ৰদৰ্শন কৰা হৈছিল, এই কথাবোৰে সমগ্ৰ অঞ্চলবাসীক অত্যন্ত দুখ আৰু আঘাত দিছিল, দিল্লীৰ পৰা দিছপুৰৰ দূৰত্ব বাঢ়ি গৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ জনগণৰ মনত হতাশা, অৱহেলাৰ মনোভাৱ তীব্ৰতৰ হৈ পৰিছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু ড°ভূপেন হাজৰিকাৰ দৰে মহান ব্যক্তিসকলে তেওঁলোকৰ প্ৰাপ্য স্বীকৃতিৰ বাবে দশকৰ পাছত দশক অপেক্ষা কৰিবলগীয়া হৈছিল। আনকি অসমীয়া ভাষাৰ ধ্ৰুপদী ঐতিহ্যৰ স্বীকৃতিও মোদী ডাঙৰীয়াৰ শাসনকালতহে সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত সেই দীঘলীয়া অন্ধকাৰময় ৰাতিৰ অন্ত পৰিছে। উত্তৰ-পূৰ্বাঞ্চল এতিয়া সম-উন্নয়ন, সম-মৰ্যাদা আৰু সম-সুযোগৰ পোহৰত উজ্জ্বল হৈ উঠিছে।

২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ মই সৌভাগ্য লাভ কৰিছোঁ। কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰী হিচাপে মই কাৰ্যনিৰ্বাহ কৰাৰ সময়ত মোদীৰ কৰ্মকুশলতা, দূৰদৰ্শিতা আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা দায়বদ্ধতা, সদিচ্ছাৰ বিষয়ে গভীৰভাৱে অনুভৱ কৰিছিলোঁ। মোৰ আজিও স্পষ্টভাৱে মনত আছে ২০১৫ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা ছাউথ এছিয়ান গেমছৰ কথা। সেই সময়ত অসমত কংগ্ৰেছ চৰকাৰৰ শাসন আছিল আৰু প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাটো কঠিন যেন লাগিছিল। তেতিয়া মোদীৰ আশ্বাস, দৃঢ়তা আৰু পূৰ্ণ সমৰ্থন মোৰ শক্তি হৈ পৰিছিল। তেওঁ মোক কৈছিল, “মই তোমাৰ লগত আছোঁ,” যিয়ে মোক ছাউথ এছিয়ান গেমছ সফল কৰাৰ বাবে অফুৰন্ত প্ৰেৰণা দিছিল। সেই অনুষ্ঠানটো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ মুহূৰ্ত আছিল, যিয়ে গুৱাহাটীক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মানচিত্ৰত এক অগ্ৰণী প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠিত কৰাত সবল ভূমিকা পালন কৰিছিল। সেই প্ৰতিযোগিতাৰ ‘তীখৰ’ নামৰ শিশু গঁড়ৰ মেস্কটৰ প্ৰতিও মোদীৰ আছিল অনন্য স্নেহ, সেই কথা মোৰ মনত এতিয়াও ভালদৰে সজীৱ হৈ আছে। মোদীৰ এইধৰণৰ আন্তৰিকতা, একাত্মতাই আমাৰ অঞ্চলৰ পৰিচয়ৰ সৈতে তেওঁৰ গভীৰ সংযোগ প্ৰতিফলিত কৰিছিল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে এই ব্যক্তিগত সম্পৃক্ততা তেওঁৰ সবল নেতৃত্বৰ এক আকৰ্ষণীয় বৈশিষ্ট্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এগৰাকী অক্লান্ত পৰিশ্ৰমী, ৰাষ্ট্ৰপ্ৰেমী, বিচক্ষণ নেতা, যাৰ কৰ্মকুশলতা, অদম্য কৰ্মস্পৃহা আৰু দেশভক্তি আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস। একোটা দিনত ১৮ ঘণ্টা পৰ্যন্ত কাম কৰি তেখেতে সুশাসনৰ সংস্কৃতিক গতিশীল কৰি তুলিছে, নিৰন্তৰভাৱে তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসকলক দেশৰ বাবে অধিক উদ্দীপনাৰে কাম কৰিবলৈ প্ৰেৰণা দি আহিছে। আৰু তেওঁৰ বিশাল ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ বিষয়ত উত্তৰ-পূৰ্বাঞ্চলে সদায় এক সুকীয়া স্থান দখল কৰি আহিছে।

অৱহেলাৰ পৰা বিকাশৰ নতুন ইঞ্জিনলৈ

দশকৰ পাছত দশক ধৰি উত্তৰ-পূৰ্বাঞ্চলক এক দূৰৱৰ্তী অঞ্চল হিচাপে গণ্য কৰা হৈছিল। এই সমগ্ৰ অঞ্চলটোৰ সুযোগ-সম্ভাৱনা সম্পূৰ্ণৰূপে উপেক্ষিত হৈছিল আৰু জনগণৰ আশা-আকাংক্ষা পদে-পদে অগ্ৰাহ্য কৰা হৈছিল। দেশ বিভাজনৰ সময়তে হওক বা ১৯৬২ চনৰ যুদ্ধৰ সময়তে হওক, তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ অৱহেলাসূচক কথাবোৰে দেশৰ একতা, অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল, দেশৰ মূলসুঁতিৰ সৈতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মানসিক দূৰত্ব বঢ়াই তুলিছিল আৰু সমগ্ৰ অঞ্চলটোৰ বিকাশৰ গতি ৰুদ্ধ আৰু লেহেমীয়া হৈ পৰিছিল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ণাঢ্য ইতিহাস পদ্ধতিগতভাৱেও অৱহেলা কৰা হৈছিল আৰু ৰাষ্ট্ৰীয় মূলসুঁতিৰ সৈতে সংযোজিত কৰা হোৱা নাছিল।

কিন্তু নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শাসনভাৰ লৈয়ে ৰাষ্ট্ৰৰ বুকুত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ দৃশ্যপট সম্পূৰ্ণভাৱে সলনি কৰি দিলে। তেখেতে কেৱল অঞ্চলটোৰ প্ৰতি দৃষ্টিপাতে কৰা নাই, তেখেতে এই অঞ্চলটোক হৃদয়ৰ পৰা বুজি উঠিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যক ‘অষ্টলক্ষ্মী’ হিচাপে অভিহিত কৰি ‘এক্ট ইষ্ট নীতি’ ক্ষিপ্ৰতাৰে ত্বৰান্বিত কৰাটো তেওঁৰ দূৰদৰ্শী দৃষ্টিভংগীৰে এক উদাহৰণ। মোদীৰ সুশাসন, বলিষ্ঠ নেতৃত্ব আৰু বিচক্ষণতাৰ ফলতে অসমে দেশৰ বিকাশৰ এক নতুন ইঞ্জিন হিচাপে গঢ় লৈ উঠিছে আৰু দক্ষিণ-পূব এছিয়াৰ এক অন্যতম গুৰুত্বপূৰ্ণ প্ৰাণকেন্দ্ৰ হিচাপে উজলি উঠিব ধৰিছে।

আজি আমি এক সংযোগ বিপ্লৱৰ সাক্ষী হৈছোঁ। ১১,০০০ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ঘাইপথ; মণিপুৰ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ দৰে দূৰৱৰ্তী ৰাজ্যসমূহক প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গ্ৰীডৰ সৈতে সংযোগ কৰা নতুন ৰে’লপথ, বগীবিল দলং, ধলা-শদিয়া দলং (ড° ভূপেন হাজৰিকা সেতু), চেলা টানেলৰ দৰে অভিলাষী প্ৰকল্পসমূহে আমাৰ ভৌগোলিক অৱস্থান শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছে। আমাৰ নদীসমূহ, বিশেষকৈ মহাবাহু ব্ৰহ্মপুত্ৰক ৰাষ্ট্ৰীয় জলপথ হিচাপে পুনৰুজ্জীৱিত কৰা হৈছে, যিয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক উৎসাহিত কৰিছে।

মুখ্যমন্ত্ৰী হিচাপে মোৰ কাৰ্যকালৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে এবাৰ মোক কৈছিল যে অসমখন ফল, ফুল আৰু ঔষধি উদ্ভিদৰ ক্ষেত্ৰত যথেষ্ট সমৃদ্ধ। তেওঁ আমাক অধিক গছপুলি ৰোপণ কৰিবলৈ উৎসাহিত কৰিছিল। তেখেতৰ দৃষ্টিভংগীৰ পৰা প্ৰেৰণা লৈ আমি ৰাজ্যজুৰি প্ৰায় ১০ কোটি গছপুলি ৰোপণ কৰিছিলোঁ, যাৰ সুন্দৰ সেউজ ফলাফল বৰ্তমান সময়ত পৰিলক্ষিত হৈছে। একেদৰে, গঁড়ৰ চোৰাং চিকাৰ বন্ধ কৰাৰ ক্ষেত্ৰত তেখেতৰ দৃঢ় সংকল্পক আমি এটা মিশ‍্যন হিচাপে গ্ৰহণ কৰিছিলোঁ, যি এতিয়া বন্যপ্ৰাণীৰ সুৰক্ষা আৰু সংৰক্ষণৰ দিশত বিশ্বজনীন আদৰ্শ হৈ পৰিছে।

এক নৱজাগৰণৰ উদ্গীৰণ: উদ্যোগ, সংস্কৃতি আৰু শান্তি

এই ৰূপান্তৰ অৰ্থনৈতিক ক্ষেত্ৰত সৰ্বাধিক দৃশ্যমান হৈছে। বছৰ বছৰ ধৰি উত্তৰ-পূৰ্বাঞ্চলক বিনিয়োগৰ বাবে অনুকূল গন্তব্যস্থল হিচাপে বিবেচনা কৰা হোৱা নাছিল। ২০১৬ চনত অসমত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পাছত, মাননীয় প্ৰধানমন্ত্ৰীৰ সমৰ্থন আৰু দৃষ্টিভংগীৰ জৰিয়তে ‘এডভাণ্টেজ আছাম’ শীৰ্ষক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম আন্তৰ্জাতিক বিনিয়োগ সন্মিলনৰ আয়োজন কৰা হৈছিল। প্ৰধানমন্ত্ৰী আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ উদ্যোগপতিসকলৰ উপস্থিতিত এই অনুষ্ঠানে পুৰণি ধাৰণা ভাঙি পেলাইছিল আৰু অসমলৈ ঔদ্যোগিকৰণৰ নতুন জোৱাৰ কঢ়িয়াই আনিছিল। ইয়াৰ প্ৰভাৱ দীৰ্ঘস্থায়ী হোৱা পৰিলক্ষিত হৈছে। আন্তঃগাঁথনি, উৎপাদন আৰু সেৱা ক্ষেত্ৰত বিপুল বিনিয়োগৰ পথ মুকলি হৈছে। এই সফলতাক মোদী দূৰদৰ্শী নেতৃত্বত শেহতীয়াকৈ ‘এডভাণ্টেজ অসম ২.০’ৰ জৰিয়তে অধিক সমৃদ্ধ কৰা হৈছে।

নুমলীগড়ত ভাৰতৰ প্ৰথম বাঁহ-ভিত্তিক জৈৱ-শোধনাগাৰ উদ্বোধনৰ বাবে প্ৰধানমন্ত্ৰীৰ অসম আগমন এক ঐতিহাসিক মুহূৰ্ত। এই অভিলাষী প্ৰকল্পৰ লগতে নুমলীগড় শোধনাগাৰৰ ক্ষমতা তিনিগুণ বৃদ্ধি আৰু জাগীৰোডত এক বিশাল ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ ফলত অসমে এতিয়া কেৱল সম্পদৰ যোগানকাৰী হিচাপে নহয়; সেউজ শক্তি আৰু উচ্চ-প্ৰযুক্তিসম্পন্ন উৎপাদনৰ ক্ষেত্ৰত নেতৃত্ব দিবলৈ অগ্ৰসৰ হৈছে।

কিন্তু মোদীৰ নেতৃত্বত উন্নয়ন কেৱল নিৰ্মাণ আৰু বাণিজ্যৰ মাজতে সীমাবদ্ধ নহয়; ই আমাৰ সাংস্কৃতিক সন্মানৰ সৈতেও গভীৰভাৱে জড়িত। আমাৰ পূজনীয়, প্ৰাণৰ স্পন্দন ড° ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান অসমৰ প্ৰতিজন ব্যক্তিৰ এক সপোন আছিল। আমি এই বিষয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সৈতে সবিশেষ আলোচনা কৰিছিলোঁ আৰু ভূপেনদাৰ সন্দৰ্ভত অসমবাসীৰ আবেগ-অনুভূতিৰ বিষয়ে তেওঁক অৱগত কৰিছিলোঁ। তেখেতে তৎক্ষণাত এই প্ৰস্তাৱক সন্মান জনাইছিল আৰু এই অঞ্চলৰ প্ৰতি থকা তেখেতৰ গভীৰ ভালপোৱাৰ চিনস্বৰূপে ভূপেনদাক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰি ৰাইজৰ এই দীৰ্ঘদিনীয়া আকাংক্ষা পূৰণ কৰিছিল। একেদৰে, মহান আহোম সেনাপতি লাচিত বৰফুকনৰ বীৰগাথাক ৰাষ্ট্ৰীয় মঞ্চত উপস্থাপন কৰি তেওঁ আমাৰ বীৰ পুৰুষসকলৰ পৰাক্ৰম আৰু গৌৰৱগাথাক ৰাষ্ট্ৰীয়ভাৱে প্ৰচাৰ-প্ৰসাৰ কৰাৰ নিশ্চিতি প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় আৰু বিশ্ব মঞ্চত আমাৰ আদৰৰ গামোচাখন পৰিধান কৰি তেওঁ সৰল অথচ শক্তিশালী ভংগিমাৰে আমাৰ সাংস্কৃতিক পৰিচয়ক বিশেষ মৰ্যাদা প্ৰদান কৰিছে।

মোদীৰ আমোলত অসমত হোৱা সম্ভৱতঃ সবাতোকৈ গভীৰ ৰূপান্তৰ হ’ল স্থায়ী শান্তিৰ সূচনা। আলোচনা আৰু উচিত মৰ্যাদাৰ জৰিয়তে মোদী চৰকাৰে বড়ো, কাৰ্বি আৰু ব্ৰু-ৰেয়াং, আলোচনাপন্থী আলফাৰ গোট আদিৰ সৈতে ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰ কৰিছে, যিয়ে এই অঞ্চলত দশকজোৰা সংঘাতৰ অৱসান ঘটাইছে। এই অঞ্চলৰ বিশাল অংশৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা) প্ৰত্যাহাৰ কৰাটো উন্নত নিৰাপত্তা, সুৰক্ষা ব্যৱস্থা আৰু ক্ৰমবৰ্ধমান বিশ্বাসৰ উৎকৃষ্ট প্ৰমাণ।

আজি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে আত্মবিশ্বাসৰ সৈতে এক নতুন যুগত প্ৰৱেশ কৰিছে। দেশৰ উন্নয়নত সক্ৰিয় ভূমিকা পালন কৰা উত্তৰ-পূৰ্বাঞ্চলত এতিয়া আৰু কোনো দিশ বাধা হৈ থকা নাই, বৰঞ্চ এক্ট ইষ্ট নীতিৰ অধীনত ভাৰতৰ সৈতে দক্ষিণ-পূব এছিয়াৰ বাবে এক কৌশলগত গুৰুত্বপূৰ্ণ সংযোগস্থলী হিচাপে আমি উজলি উঠিছোঁ। মোদী চৰকাৰৰ আমোলত আমাৰ ভৱিষ্যতৰ পথ উজ্জ্বল। আমাৰ মৰ্যাদা, অধিকাৰৰ পুনৰুদ্ধাৰ, আশা-আকাংক্ষাৰ পুনৰুজ্জীৱিতকৰণ আৰু সময়োচিত ৰূপায়ণ, ঐতিহ্য-পৰম্পৰা, ভাষা-সাহিত্য আৰু কলা-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ তথা বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত অসীম সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলবাসীৰ তৰফৰ পৰা মই আমাৰ সৰ্বজনপ্ৰিয় প্ৰধানমন্ত্ৰীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।

You might also like