নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাই ৱান গেট ৱানঃ ৯০ হাজাৰ টকা হেৰুৱালে দিল্লীৰ মহিলাই

বিশেষ বাৰ্তা, ২৭ মেঃ বাই ৱান গেট ৱান থালিৰ অফাৰৰ লোভত পৰি দিল্লীৰ ৪০ বছৰীয়া মহিলা এগৰাকীয়ে অনলাইন এপত ৯০ হাজাৰ টকা হেৰুৱাবলগীয়া হয় ৷ অনলাইন এপ এটা ডাউনলোড কৰি মহিলাগৰাকীয়ে উক্ত অফাৰৰ বাবে ধনৰ লেনদেন কৰাত প্রৱঞ্চক এপটোৱে মহিলাগৰাকীৰ ৯০ হাজাৰ টকা লুটি নিবলৈ সক্ষম হয় ৷ সবিতা শর্মা নামৰ মহিলাগৰাকীয়ে এই সন্দর্ভত চাইবাৰ থানাত এজাহাৰ দাখিল কৰিছে ৷ তথ্য মতে বেংক এটাত কর্মৰত মহিলাগৰাকীয়ে পৰিয়ালৰ লোকৰ পৰা ফেচবুকত ‘সাগৰৰত্ন’ নামৰ জনপ্রিয় ৰেষ্টুৰেণ্ট এখনে বাই ৱান গেট ৱান থালিৰ অফাৰ দিয়াৰ বিষয়ে জানিব পাৰে ৷ ইয়াৰ পিছতে মহিলাগৰাকীয়ে ফেচবুকত থকা ফোন নম্বৰত যোগাযোগ কৰে আৰু এপ এটা ডাউনলোড কৰিবলৈ কয় ৷ সেইমর্মে মহিলাগৰাকীয়ে এপটো ডাউনলোড কৰে ৷ সিপিনৰ পৰা মহিলাগৰাকীক অফাৰটো লাভ কৰিবলৈ হ’লে এপত পঞ্জীয়ন কৰিবলৈ কয় আৰু লিংক এটা দিয়ে ৷ মহিলাগৰাকীয়ে লিংটোত ক্লিক কৰি এপ ডাউনলোড কৰি ইতিপূর্বে তেওঁ দিয়া ইউজাৰ আই ডি আৰু পাছৱার্ড অন্তর্ভুক্ত কৰে ৷ ইয়াৰ পিছতে মহিলাগৰাকীয়ে ম’বাইলটোৰ নিয়ন্ত্রণ হেৰুৱাই পেলায় আৰু লগে লগে বেংকৰ পৰা প্রথমে ৪০ হাজাৰ আৰু কিছু সময় পিছত ৫০ হাজাৰ টকা উঠাই নিয়াৰ বার্তা পায় ৷

You might also like